• কৰ্মৰ গৰিমাৰে অসমক আলোকিত কৰাজনলৈ স্বীকৃতি; অসম চৰকাৰে ঘোষণা কৰিলে তিনিটা বিশেষ বঁটা

    আঞ্চলিক
    কৰ্মৰ গৰিমাৰে অসমক আলোকিত কৰাজনলৈ স্বীকৃতি;  অসম চৰকাৰে ঘোষণা কৰিলে তিনিটা বিশেষ বঁটা

    ডিজিটেল ডেস্ক : বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন আৰু নিজ কৰ্মৰ সৌৰভেৰে অসমভূমিক সুৰভিত কৰি তোলা ব্যক্তিসকলক সন্মানিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। তিনিটা বিশেষ বঁটা ঘোষণাৰে অসম চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ ব্যতিক্ৰমী আৰু উৎসৰ্গিতপ্ৰাণ লোকসকলক সন্মান যঁচাৰ ব্যৱস্থা কৰিছে। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে প্ৰণয়ন কৰা তিনিওটা বঁটা সম্পৰ্কত বিতং ব্যাখ্যা আগবঢ়ায় আৰু প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰা ব্যক্তিসকসলৰ নাম ঘোষণা কৰে।





    মুখ্যমন্ত্ৰীয়ে ‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ এই তিনিটা বঁটা প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে। ‘অসম বৈভৱ’ বঁটাক ৰাজ্যৰ সৰ্বোচ্ছ স্বীকৃতি হিচাপে বিবেচিত কৰা হ’ব। এই বঁটা প্ৰতিবছৰে এগৰাকী বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডঃ শর্মাই। এইবছৰ এই বঁটা প্ৰদান কৰা হৈছে দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটালৈ।





    অসমৰ সৈতে ৰতন টাটাৰ দীঘলীয়া সম্পৰ্ক তথা অসমৰ বাবে তেওঁ দায়বদ্ধতাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ স্বীকৃতিস্বৰূপে টাটালৈ অসম চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ স্বীকৃতি ‘অসম বৈভৱ’ আগবঢ়োৱাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয়, অসমত কেন্সাৰ চিকিৎসাৰ প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে মিলি ১৬খনকৈ কেন্সাৰ হাস্পতাল নিৰ্মাণ কৰি আছে আৰু এই ১৬খনৰ ভিতৰত ১০খন সাজু হৈ উঠিছে। এই হাস্পতালসমূহ নিৰ্মাণৰ ক্ষেত্ৰত টাটা ট্ৰাষ্টে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ‘অসম বৈভৱ’ বঁটা টাটালৈ আগবঢ়োৱাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।






    ইফালে, ৰাজ্যৰ পাঁচগাৰাকী স্বনামধন্য ব্যক্তিলৈ ‘অসম সৌৰভ’ বঁটা আগবঢ়োৱা হৈছে। এইসকল হৈছে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, তথা এগৰাকী পদাৰ্থ বিজ্ঞানী, অধ্যাপক কমলেন্দু দেব ক্ৰোৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মণন এছ, ডঃ দীপক চান্দ জৈন, অলিম্পিকৰ ব্ৰঞ্জজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, আৰু বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ। তদুপৰি এই বছৰ তেৰগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। এইসকল ব্যক্তিয়ে নিজ নিজ কৰ্মক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতা তথা আত্মোৎসৰ্গৰ বাবে এই স্বীকৃতি আগবঢ়োৱা হৈছে।





    তেওঁলোকৰ কামে আনকো অনুপ্ৰাণিত কৰাৰ পৰিপ্ৰেক্ষিতত এই স্বীকৃতি আগবঢ়োৱা হৈছে এই তেৰগৰাকী ব্যক্তিলৈ। এইসকল এচিএছ বিষয়া মুনীন্দ্ৰ নাথ নাটে, গুৱহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বসন্ত হাজৰিকা, উদ্যোগী তথা থলুৱা বাহুবলী কণীৰ উদ্ভাৱক আকাশজ্যোতি গগৈ, উদ্যোগী মনোজ কুমাৰ বসুমতাৰী,খৰছিং টেৰণ, তিনিচুকীয়াৰ ববী হাজৰিকা, তাঁতশালত গুণমালা, নামঘোষাৰ দৰে ধৰ্মগ্ৰন্থ বৈ উলিওৱা বিশিষ্ট শিপিনী হেমপ্ৰভা চুতীয়া, এক লাখ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা স্বাস্থ্য বিভাগৰ এএনএম নমিতা কলিতা, গ্ৰামাঞ্চলত ভেকচিন প্ৰদানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা আশাকৰ্মী বনিতা মমিন, কাজিৰঙাৰ বন সংৰক্ষণৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা বনকৰ্মী ধৰণীধৰ বড়ো, কৌশিক বৰুৱা, শিশুৰ পোষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা অংগনবাড়ী কৰ্মী ওদালগুৰিৰ কল্পনা বড়ো, কেন্সাৰ ৰোগীৰ ব’নমেৰু সংৰোপনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা ডাঃ আছিফ ইকবাললৈ ‘অসম গৌৰৱ’ বঁটা আগবঢ়োৱা হৈছে।






    অসমৰ চৰকাৰৰ এই পদক্ষেপ অসমৰ সৰ্বস্তৰৰ লোকসকলৰ বাবে উৎসাহজনক বিবেচিত হৈছে। বিভিন্ন ক্ষেত্ৰত নিষ্ঠা আৰু আত্নোৎসৰ্গৰে কাম কৰি থাকি সমাজক উদ্ভাসিত কৰি তোলা লোকসকলক এনেদৰে স্বীকৃতি প্ৰদান কৰাৰ প্ৰয়াস নিসন্দেহে প্ৰশংসনীয় বুলিব পাৰি। সাধাৰণতে দেখা যায় যে, বিভিন্ন বঁটা বা স্বীকৃতিসমূহ এটাস্তৰৰ লোকৰ মাজতে সীমাবদ্ধ হৈ থাকে। কিন্তু চৰকাৰে এইবাৰ এই বঁটা সমাজৰ শীৰ্ষস্থানীয় ব্যক্তিগৰাকীৰ পৰা তৃণমূল পৰ্যায়ত নিষ্ঠাৰে কাম কৰি থকা লোকসকলক বিচাৰি উলিয়াই প্ৰদান কৰাটো শুভলক্ষণ বিবেচিত হৈছে। প্ৰতিবছৰে এগৰাকীকৈ ব্যক্তিক ‘অসম বৈভৱ’ বঁটা প্ৰদান কৰাৰ লগতে তিনিগৰাকীক ‘অসম সৌৰভ’ আৰু ১৫গৰাকীকৈ ব্যক্তিক ‘অসম গৌৰৱ’ বঁটা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে প্ৰকাশ কৰিছে। অসম গৌৰৱ বঁটাৰ অৰ্থমূল্য হৈছে তিনিলাখ টকা। আনহাতে ‘অসম বৈভৱ’ আৰু আৰু ‘অসম সৌৰভ’ বঁটাৰ অৰ্থমূল্য হৈছে ক্ৰমে ৫ লাখ আৰু ৪লাখ টকা।