Regional
গুৱাহাটী : কৰ’নাৰ সময়ছোৱাত ছেবাই পাঠ্যক্ৰমৰ ক্ষেত্ৰত গ্ৰহণ কৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ পাঠ্যক্ৰম সংকোচনৰ সিদ্ধান্ত লয় ছেবাই৷ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০শতাংশ হ্ৰাস কৰাৰ লগতে সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org ত উপলব্ধ হ’ব।
২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ছেৱাই। সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব।
এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই ক'ভিড সংক্ৰমণৰ বাবে বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে। সেয়েহে এনে পৰিস্থিতিত ছেৱাই ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।
Leave A Comment