National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
গুৱাহাটীঃ কৰ’নাৰ আতংক প্ৰবাহিত হৈ থকাৰ মাজতে নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰি মঞ্চ বিহু পাতিবলৈ কঁকালত টঙালি বান্ধিছে গুৱাহাটীৰ বিহু কমিটীসমূহে। সাজু হৈছে নুনমাটি, নাৰেংগী আৰু বোন্দা আঞ্চলিক বিহু কমিটী।
নুনমাটি বিহুৰ মুঠ বাজেট পোন্ধৰ লাখ টকা। থাকিব জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ, গিতাঞ্জলি দাস, সংগীতা গগৈকে ধৰি কেইবাগৰাকী কন্ঠশিল্পীৰ গীতৰ অনুষ্ঠান।
আৰু পঢ়িব পাৰিব : নাবালিকা ধৰ্ষণৰ বলি: আৰক্ষীৰ জালত ধৰ্ষণকাৰী
নাৰেংগী বিহু সান্মিলনীৰ এইবাৰৰ বাজেট সাত লাখ টকা। আমন্ত্ৰিত শিল্পী হিচাপে থাকিব জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ লগতে বহু কেইগৰাকী জনপ্ৰিয়কণ্ঠ শিল্পী। লগতে থাকিব স্থানীয় শিল্পীৰ গীতৰ শৰাইও আৰু থাকিব কেইবাটাও কৌতুক গোষ্ঠী।
আৰু পঢ়িব পাৰিব : দৈনিক বাঢ়িছে কৰ’নাৰ সংক্ৰমণ :আক্ৰান্ত ১ লাখ ৬০ হাজাৰৰো অধিক
বোন্দা বিহু সান্মিলনিয়েও সাজু হৈছে ৰঙালীক আদৰিবলৈ।পাঁচ লাখ টকা বাজেটেৰে বিহুৰ কাৰ্যসূচীসমূহ সুকলমে পাৰ কৰিবলৈ চলাইছে প্ৰস্তুতি। মূল অনুষ্ঠানৰ আকৰ্ষণ হিচাপে থাকিব কণ্ঠশিল্পী ঋতু ৰাজ, যুগল কিশোৰ, ৰিছা কাশ্যপকে ধৰি বহু কেইগৰাকী শিল্পীৰ অনুষ্ঠান। ইয়াৰ উপৰি প্ৰতিখন বিহুতে থাকিব জনপ্ৰিয় বিহু হুঁচৰি আৰু বিহু নৃত্য শিল্পীৰ দলৰ অনুষ্ঠান আৰু থলুৱা নৃত্য-গীতৰ কাৰ্যসূচী।
Leave A Comment