• কৰ’নাত আক্ৰান্ত ঋষভ পণ্ট, উদ্বিগ্ন কোহলী

    আঞ্চলিক
    কৰ’নাত আক্ৰান্ত ঋষভ পণ্ট,  উদ্বিগ্ন কোহলী

    নতুন দিল্লীঃ ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টেষ্ট শৃংখলাত ভাগ ল’বলৈ ইংলেণ্ডলৈ ৰাওনা হৈছে ভাৰতীয় ক্ৰিকেট দল। ইয়াৰ মাজতে ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে এক দুঃখবৰ। কৰ’নাত আক্ৰান্ত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ তথা বেটছমেন ঋষভ পণ্ট। বৰ্তমান ক্ৰিকেটাৰগৰাকী হোম আইছ’লেশ্যনত আছে আৰু স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।


    উল্লেখ্য যে, ক’ভিড বিষয়ত বিচিচিআইৰ সচিব জয় শ্বাহ আৰু উপ-সভাপতি ৰাজীৱ শুক্লাই ভাৰতীয় দলৰ ২৩ খেলুৱৈক সতৰ্ক কৰি দিছিল। উইম্বলডন আৰু ইউৰো কাপ উপভোগত বাধা নিষেধ থকা সত্ত্বেও কেইজনমান খেলুৱৈয়ে ইউৰো কাপ উপভোগ কৰিবলৈ গৈছিল বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। ফুটবল গেলাৰীৰ ছবিসহ টুইটাৰত পোষ্ট কৰা দেখা গৈছে ঋষভক। খেল চলাকালীন সময়ত ক’ভিড বিধি মনা নাছিল বুলিও অভিযোগ ঋষভ পণ্টৰ বিৰুদ্ধে। ইফালে ২০-২২ জুলাইত ভাৰতীয় ক্ৰিকেট দলে অনুশীলন খেলত অংশ ল’ব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পাছত সাময়িক বিৰতিত আছে ভাৰতীয় দল। ইয়াৰ মাজতে ঋষভ পণ্ট কৰ’নাত আক্ৰান্ত হোবাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে অধিনায়ক কোহলীক।