• কৰ’নাৰ বিভীষিকা : গোলাঘাটত আক্ৰান্ত সৰ্বাধিক জন

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ বিভীষিকা অব্যাহত৷ ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হয় ২,৬৭২ জন৷ গোলাঘাটত আক্ৰান্ত হয় ৩৩২, নগাঁৱত ১৯৯ জন, শোণিতপুৰত ১৭৫জন, বিশ্বনাথত ১৭২জন লোক আক্ৰান্ত হয় কৰ'নাত৷ ইপিনে কামৰূপ মহানগৰ জিলাত হ্ৰাস পাইছে সংক্ৰমণ৷ আনহাতে মৃত্যু ঘটিছে ২৭ জন ৰোগীৰ৷

    কালিৰ দিনটোত ৰাজ্যত মুঠ ১,০১,২২২ জনৰ ক'ভিড টেষ্ট কৰোৱা হৈছিল৷ তাৰ ভিতৰত ২,৬৭২নৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ আছিল ২৷৬৪শতাংশ৷ কালিৰ দিনটোত আৰোগ্য লাভ কৰে ১,৯৯৬ জন আক্ৰান্তই৷ ৰাজ্যত বৰ্তমান ২৫,৬৯২জন লোক চিকিৎসাধীন হৈ আছে৷

    Weather Forecast