• কৰ’নাৰ সংক্ৰমণ সামান্য হ্ৰাস: আক্ৰান্ত হয় ১,৭৯৭ জন

    আঞ্চলিক
    কৰ’নাৰ সংক্ৰমণ সামান্য হ্ৰাস: আক্ৰান্ত হয় ১,৭৯৭ জন

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ সামান্য হ্ৰাস৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হয় ১,৭৯৭ জন লোক৷ মহানগৰীত বৃদ্ধি পাই আছে কৰ’না সংক্ৰমণ৷ সোমবাৰে মহানগৰীত সংক্ৰমিত ২৩৭ জন৷ কালিৰ দিনটোত ৰাজ্যত ২০ জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয়৷





    তাৰ ভিতৰত গোলাঘাট আৰু শোণিতপুৰত ৪জনৰ, গোৱালপাৰাত ২জনৰ, বৰপেটা, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, যোৰহাট, কাৰ্বিআংলং, কৰিমগঞ্জ, নগাঁৱত এজনকৈ লোকৰ কৰ'নাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে৷ সোমবাৰে ১,৫২,৭৭১ জন লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ তাৰ ভিতৰত সংক্ৰমণ হাৰ আছিল ১.১৮ শতাংশ৷ কালি গোলাঘাটত আক্ৰান্ত হয় ২৩০জন, ডিব্ৰুগড়ত ১১৫জন, যোৰহাটত ১১৩জন৷