• কৰ’নাৰ হটস্পট : গুৱহাটীৰ বহু অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন, চাওক সবিশেষ

    আঞ্চলিক
    কৰ’নাৰ হটস্পট : গুৱহাটীৰ বহু অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন, চাওক সবিশেষ

    গুৱাহাটী : আজি সন্ধিয়া কামৰূপ মেট্ৰ' জিলা উপায়ুক্তই ঘোষণা কৰিব কণ্টেইনমেন্ট জ'ন। গুৱাহাটীৰ হটস্পট এলেকাসমূহত কণ্টেইনমেন্ট জ'ন ঘোষণা কৰিব প্ৰশাসনে৷ মুঠ ৬টা ৱাৰ্ড কন্টেইনমেন্ট জ'ন হ'ব বুলি জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব : সম্ভাৱনা! UAE-লৈ স্থানান্তৰ হব পাৰে আইপিএল-২০২১





    ক'ভিডৰ হটস্পটত আছে গুৱাহাটীৰ ৮টাকৈ ৱাৰ্ড। এই ৱাৰ্ড কেইটা হৈছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু ৩১ নং ৱাৰ্ড৷ মহানগৰীৰ কৰ'নাত অধিক আক্ৰান্ত অঞ্চলকেইটা হৈছে বেলতলা, বশিষ্ঠ, ফটাশিল আমবাৰী, বৰ্ষাপাৰা, ধীৰেনপাৰা, কুমাৰপাৰা, এটি ৰোড, মাছখোৱা, ভূতনাথ, খানাপাৰা, পাঞ্জাবাৰী, হাতীগাঁও, উলুবাৰী, ৰিহাবাৰী, ডিজিপি কমপ্লেক্স, বিলপাৰা, ছলাপাৰা, পাণ্ডু, মালিগাঁও, নাৰেংগী আৰু বোন্দা।





    আৰু পঢ়িব পাৰিব : IPL-ৰ বাবে ১০০০কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব BCCI-এ





    বিশেষকৈ ২৮নং ৱাৰ্ডত আক্ৰান্ত ৭২৩, ১৬নং ৱাৰ্ডত ৫০৬, ৮নং ৱাৰ্ডত ৪১৯ গৰাকী, ৩১নং ৱাৰ্ডত ৩৩৪, ২৯নং ৱাৰ্ডত ৩২৮, ১৪নং ৱাৰ্ডত ৩১৮, ৩নং ৱাৰ্ডত ২৯৩, ২৪নং ৱাৰ্ডত ২৮১গৰাকী আক্ৰান্তৰ তথ্য লাভ কৰা গৈছে৷