Sci & Tech
নতুন দিল্লীঃ ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন টেষ্ট ইতিমধ্যে বাতিল হৈছে। পঞ্চমটেষ্টখন বাতিল হোৱাৰ বাতৰিয়ে হতাশ কৰিছে ক্ৰীড়ানুৰাগীক। বিধে বিধে বৈঠক অনুষ্ঠিত হৈছে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ড আৰু বিচিচিআইৰ মাজত। ইফালে মানচেষ্টাৰ টেষ্ট বাতিল হোৱাৰ মূলতঃ ৰবি শাস্ত্ৰী আৰু ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীক দোষাৰোপ কৰিছে একাংশই। ব’ৰ্ডৰ কৰ্মকৰ্তা সকলৰ স্বাস্থ্যজনিত দিশটোৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ নিজৰ গ্ৰন্থ উন্মোচন কৰিছিল ৰবি শাস্ত্ৰীয়ে।
দেশৰ বিভিন্ন প্ৰান্তৰ মানুহৰো সমাগম ঘটিছিল গ্ৰন্থ উন্মোচনী সভাখনত। বিৰাট কোহলীৰ লগতে সমগ্ৰ ভাৰতীয় দলটো উপস্থিত আছিল অনুষ্ঠানটোত। অনুষ্ঠানটোত কোনো এগৰাকী ব্যক্তিয়ে পৰিধান কৰা নাছিল মাস্ক। আনকি সম্প্ৰতি বিট্ৰেইনত কৰ’নাৰ সংক্ৰমণ নিয়ন্ত্ৰণত থকা বাবে ক’ভিড বিধিৰ ওপৰতো শিথিলতা জাৰি কৰা হৈছিল। শাস্ত্ৰীয়ে ইয়াৰে সুযোগ লোৱা বুলি একাংশই প্ৰকাশ কৰিছে। উল্লেখ্য যে, গ্ৰন্থ উন্মোচনী সভাৰ পাছতেই ভাৰতীয় শিবিৰত এজনৰ পাছত এজন লোক কৰ’নাত আক্ৰান্ত হৈছিল।
শাস্ত্ৰীৰ অনুষ্ঠানেই কাৰ্যত কৰ’নাৰ ছুপাৰস্প্ৰেডাৰ হৈ পৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰথমে শাস্ত্ৰী নিজে কৰ’নাক্ৰান্ত হোৱাৰ পাছত বলিং প্ৰশিক্ষক ভৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ, ফিজিঅ’ থেৰাপিষ্ট নিতীন পেটেলো কৰ’নাক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত হয়। পৰৱৰ্তী সময়ত মানচেষ্টাৰ টেষ্ট অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে সহকাৰী ফিজিঅ’ থেৰাপিষ্ট যোগেশ পাৰমাৰ কৰ’নাক্ৰান্ত হয় আৰু পৰিস্থিতিৰ অধিক অৱনতি ঘটে। ইফালে আইপিএলৰ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ভাৰতীয় দলে খেলপথাৰত নামিবলৈ অস্বীকাৰ কৰে। জানিবলৈ পোৱা মতে, গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ বাবে ব’ৰ্ডৰ কাৰো পৰাই অনুমোদন লোৱা নাছিল শাস্ত্ৰী আৰু বিৰাট কোহলী। শেহতীয়া ঘটনাৰ বাবে ভাৰতীয় দলৰ প্ৰৱন্ধক গিৰিশ ডংৰেৰ ওপৰতো খৰ্গহস্ত হৈ পৰিছে বিচিচিআই।
Leave A Comment