• কৰ’না ত্ৰাস : ইউএই-লৈ স্থানান্তৰ হ’ব টি-২০ বিশ্বকাপ!

    আঞ্চলিক
    কৰ’না ত্ৰাস : ইউএই-লৈ স্থানান্তৰ হ’ব টি-২০ বিশ্বকাপ!

    নতুন দিল্লী : ইউনাইটেড আৰৱ আমীৰশ্বাহীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে টি-২০ বিশ্বকাপ। এতিয়ালৈ খেলৰ স্থান নিৰ্ণয় কৰা হোৱা নাই যদিও সময়সূচী প্ৰকাশ কৰিছে আইচিচি-এ। আগন্তুক টি-২০ বিশ্বকাপ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। আনহাতে সামৰণি পৰিব ১৪ নৱেম্বৰত। উল্লেখ্য যে, বিগত বছৰত কৰ’না মহামাৰীৰ বাবে আইচিচি-এ অষ্ট্ৰেলিয়াত প্ৰস্তাৱিত টি-২০ বিশ্বকাপ স্থগিত ৰাখিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰতিযোগিতাখন ২০২১ত ভাৰতত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।
    কিন্তু, কৰ’না মহামাৰীৰ দ্বিতীয় আৰু তৃতীয় ঢৌৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনক লৈ অনিশ্চয়তাই দেখা দিছে। অৱশ্যে, প্ৰতিযোগিতাৰ স্থানান্তৰ সন্দৰ্ভত বিচিচিআই-এ ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিলক এতিয়ালৈ পত্ৰ প্ৰেৰণ কৰা নাই। কিন্তু বিশেষ সূত্ৰৰ মতে টি-২০ প্ৰতিযোগিতাখন ইউএই আৰু ওমানত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই প্ৰবল। ইফালে, এইবছৰৰ আইপিএলৰ বাকী থকা খেলকেইখনো ১৯ চেপ্টেম্বৰ পৰা ১৫ অক্টোবৰলৈকে ইউএইতে অনুষ্ঠিত হ’ব। আৰু টি-২০ বিশ্বকাপ আইপিএল শেষ হোৱাৰ দুদিন পাছতে আয়োজন কৰা হ’ব।