• কৰ'নাত বিধস্ত ৰাজ্য: হিমন্তই ঘোষণা কৰিলে আঁচনি

    আঞ্চলিক
    কৰ'নাত বিধস্ত ৰাজ্য: হিমন্তই ঘোষণা কৰিলে আঁচনি

    গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্ত হয় ৫৭৩জন লোক৷ তাৰ ভিতৰত গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ১৪৩ জন লোক৷ ইপিনে কালি মৃত্যু ঘটিছে ১১ জন লোকৰ৷ বিগত ২৪ আক্ৰান্তৰ হাৰ আছিল ০.৭২ শতাংশ৷ বৰ্তমানলৈ ৰাজ্যত ৫৮০৬৫৭জন লোক আক্ৰান্ত হৈছে কৰ'না ভাইৰাছত৷ ৭৭০৭ জন লোক বৰ্তমানে চিকিৎসাধীন হৈ আছে৷





    আনহাতে ইয়াৰ বিপৰীতে ৫,৬৬,১০১জন লোকে আৰোগ্য লাভ কৰিছে এই মাৰাত্মক বেমাৰৰ পৰা৷ ৰাজ্যত মুঠ ৫৫০২ লোকৰ ইতিমধ্যে ক'ভিড মৃত্যু হৈছে৷ ইপিনে সমগ্ৰ দেশতে ক'ভিডৰ ৩য় ঢৌৰ বাবে চৰকাৰে প্ৰস্তুত কৰিছে ৰণনীতি৷ সাজু হৈছে অসমো৷





    তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন চৰকাৰে ক'ভিডত মৃত্যু হোৱা লোকৰ বাবে ৰাজ্য চৰকাৰৰ তিনিখনকৈ বিশেষ আঁচনি ঘোষণা কৰিছে। ক’ভিডত পিতৃ-মাতৃক হেৰুৱা শিশুৰ নামত ৭ লাখ ৫০ হাজাৰ টকাৰ ফিক্স ডিপজিত। ক'ভিডত স্বামীহাৰা পত্নীলৈ ১ লাখ টকা, দুখীয়া লোকৰ নিকটতম আত্মীয়‌ই পাব ১ লাখকৈ টকা।