• কৰ'নাৰ ভয়াৱহ সংক্ৰমণ : গোলাঘাটতত বিগত ২৪ ঘন্টাত আক্ৰান্ত হয় ৩শৰো অধিক

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ কালিৰ দিনটোত পুনৰ আক্ৰান্ত হয় ২,৮০৫জন লোক৷ বিগত ২৪ ঘণ্টাত অসমত মৃত্যু হয় ৩৫জনৰ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৬৪ শতাংশ৷ তাৰভিতৰত গোলাঘাটত সৰ্বাধিক জন আক্ৰান্ত হয়৷ জিলাখনত মুঠ ৩০৬জন লোক আক্ৰান্ত হয় কৰ'নাত৷

    ডিব্ৰুগড়ত ২১৭জন, শোণিতপুৰত ১৬৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীত কালিৰ দিনটোত আক্ৰান্ত হয় ১৫৮জন লোক৷ অসমত বৰ্তমানলৈ আক্ৰান্ত হৈছে ৪৬৬৫৯০ জন লোক৷ চিকিৎসাধীন হৈ আছে ৩৯৮৩৭জন৷ ইপিনে আৰোগ্য লাভ কৰিছে ৪২১৩৭৮জনে৷ আৰু মৃত্যুৰ মুখত পৰিছে ৪০২৮জনে৷

    Weather Forecast

    ASSAM WEATHER