Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ'নাৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৪৯৩জন লোক৷ কালিৰ দিনটোত ৭০,৮৯৩জন লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল৷ তাৰ ভিতৰত গুৱাহাটী মহানগৰীত ১৩৮জন, গোলাঘাটত ৩৫জন, যোৰহাটত ৩৪জন আৰু বৰপেটাত ৩১জন ক'ৰনা আক্ৰান্ত চিনাক্ত হোৱাৰ কথা স্বাস্থ্য বিভাগে সদৰি কৰিছে৷ মঙলবাৰে ৯জন লোকৰ ক'ৰনাত আক্ৰান্ত হৈ মৃত্যু হয়৷
মৃত লোককেইজন হৈছে গোলাঘাট আৰু যোৰহাটৰ ৩জনকৈ, চৰাইদেউ আৰু দৰঙৰ ১জন৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ৪,৩১৯জন৷ তাৰ মাজতে আৰোগ্য লাভ কৰিছে ৪৩৩জনে৷ ৰাজ্যত বৰ্তমানলৈ ক'ভিড টেষ্ট কৰা হয় ২,২৬,৯৩,০৭৬জনে ৷ তাৰ ভিতৰত ৫,৯৬,১৬২জনৰ দেহত ধৰা পৰিছে ক'ভিড ১৯৷
বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে ৫,৮৪,৭২৯জনে৷ এতিয়ালৈ কৰ'নাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৫,৭৬৭জন লোকে৷ ইফালে, দেশত নতুনকৈ ২৫,৪০৪জন নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। বিগত ২৪ ঘণ্টাত পূৰ্বৰ দিনৰ তুলনাত ৬.৭৮ শতাংশ সংক্ৰমণ হ্ৰাস পাইছে। আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৩৯জন আক্ৰান্তৰ। কেৰালত দেশৰ ভিতৰতে সৰ্বাধিক ১৫,০৫৮জন আক্ৰান্ত চিনাক্ত হৈছে। ইফালে বিগত ২৪ঘণ্টাত দেশত আৰোগ্য হৈ উঠিছে ৩৭,১২৭জন আক্ৰান্ত।
Leave A Comment