Education
গুৱাহাটী : ৰাজ্যজুৰি অব্যাহত আছে কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ। কালিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হয় মুঠ ২,৪৩৩ জন লোক৷ গুৱাহাটীত কালি ২০৪ জন লোক কৰ’নাত আক্ৰান্ত হয়৷ ১৭ দিনৰ পাছত গুৱাহাটীত এদিনত আক্ৰান্তৰ সংখ্যা ২০০ৰ ঘৰ অতিক্ৰম কৰে৷
মঙলবাৰৰ দিনটোত অসমত ৩৪ জনৰ মৃত্যু হয়৷ কালি ৰাজ্যত সংক্ৰমণৰ হাৰ ২.৪৩ শতাংশ৷ বিগত ২৪ ঘণ্টাত ১,০০২৬২ জনৰ ক'ভিড টেষ্ট কৰা হয়৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ২২,৮৯৭ জন লোক৷ আক্ৰান্তৰ হাৰ ২.৪৩ শতাংশ৷ কালিৰ দিনটোত ১,৭৪৫জনে লাভ কৰে আৰোগ্য।
Leave A Comment