আন্তঃৰাষ্ট্ৰীয়
নগাঁও: সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ জিলাখনৰ নগৰ-চহৰ গাঁৱে-ভূঞে এতিয়া কেৱল ক’ভিডৰ বিভীষিকা৷ আজি ক্ষন্তেক সময়ৰ পূৰ্বে নগাঁও চহৰৰ ভূঞাপট্টীৰ নিবাসী তথা নগাঁও জিলা পুথিভঁৰালৰ অৱসৰপ্ৰাপ্ত লাইব্ৰেৰীয়ান হেমকান্ত ভূঞা (৯০)ৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত ভূঞাৰ ভাতৃ আৰু ভাই বোৱাৰী ক’ভিডতে আক্ৰান্ত হৈ ঘৰতেই চিকিৎসাসেৱা গ্ৰহণ কৰি আছে।
আৰু পঢ়িব পাৰিব : দেশৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দিন : ফলাফল প্ৰত্যাশিত হোৱাৰেই স্পষ্ট ইংগিত
ইপিনে, শনিবাৰৰ নিশা ক’ভিডত আক্ৰান্ত হৈ নগাঁও চহৰৰে লাওঁখোৱা ৰোডৰ গান্ধী নগৰৰ লালবাবু সিং (৭২) নামৰ এজন লোকৰ মৃত্যু হয়৷ জানিবপৰা মতে, কালিৰ পুৱাৰ ভাগত তেওঁৰ লগতে পত্নীৰ গা-বেয়া লগাত ক’ভিড টেষ্ট কৰায়৷ ক’ভিড পৰীক্ষাৰ পাছত দুয়োৰে দেহত ক’ভিডৰ উপস্থিতিয়ে দেখা দিয়ে। পত্নীৰ গা বেছি বেয়া লগাত তেওঁক চিকিৎসালয়ত চিকিৎসাধীন কৰাৰ বিপৰীতে লালবাবু সিঙক ঘৰতে ৰখাৰ ব্যৱস্থা কৰে৷
আৰু পঢ়িব পাৰিব : শ্ৰমিকৰ অধিকাৰ খৰ্বঃ শ্ৰমিক দিৱসত কাম কৰিবলৈ বাধ্য কৰালে ফ’ৰলেন নিৰ্মাণ কোম্পানীয়ে
নিশা প্ৰায় ১১ বজাত সিঙৰ গা বেয়া লগাত পুনৰ নগাঁও ‘ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়’লৈ অনা হয়৷ চিকিৎসালয়ত কিছুসময় থকাৰ পাছতেই সিঙৰ মৃত্যু হয়৷ উল্লেখ্য যে, তেওঁৰ পুত্ৰ আৰু পত্নীও ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে, ক’ভিডৰ দ্বিতীয় লহৰত আক্ৰান্ত হৈ নগাঁৱত এতিয়ালৈকে ৭জনৰ মৃত্যু হৈছে৷
Leave A Comment