• ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু

    আঞ্চলিক
    ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু

    গুৱাহাটী : ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে বিহু৷ আজি পৰম্পৰাগতভাৱে পালন হৈছে গৰু বিহু৷ পুৱাই গৰুক গা ধুৱাই শ্ৰীবৃদ্ধি কামনা কৃষিজীৱি অসমীয়াৰ৷ উজনি-নামনি সৰ্বত্ৰ বিহুৰ আনন্দ৷ মা-হালধি সানি গো-ধনক গা ধুৱালে অসমীয়াই৷ ৰাজ্যৰ লগতে কোকৰাঝাৰ হালোৱাদল গাঁৱত কৃষক সকলৰ ব্যাপক উৎসাহ দেখা গৈছে।





    আৰু পঢ়িব পাৰিব : মৈৰাবাৰীত ৰহস্যজনক মৃত্যু বোৱাৰীৰঃ আটক এজন





    পৰম্পৰা ৰক্ষা কৰি কৃষি জীৱি পৰিয়ালৰ লোকে গৰু নোৱাই ধোঁৱাই লৈ যোৱা দেখা গৈছে। নৈত গৰু ধোঁৱা পিছত জীয়ৰী বোৱাৰী লগতে কণ কণ শিশু সকলোৱে বৈশাগু পালন কৰা পৰিলক্ষিত হৈছে।





    আৰু পঢ়িব পাৰিব : কৰ’নাতাংক! বিহু উদযাপনৰ বাবে সাজু কমিটীসমূহ





    সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ, শিৱসাগৰ, কাজিৰঙা, মঙলদৈ, নলবাৰী, ওদালগুৰি, গোৱালপাৰা, তেজপুৰ আদিত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । ৰাজ্যজুৰি পৰম্পৰা ৰক্ষা কৰি কৃষিজীৱি পৰিয়ালৰ লোকে নদীৰপাৰত গৰুক নোৱাই-ধোঁৱাই সমূহীয়াভাবে গৰু পালন কৰে।