National
Digital Desk: External Affairs Minister Dr. S Jaishankar will represent India at the swearing-in ceremony of US President-elect Donald Trump on January 20. Donald Trump is set to become the 47th President of the
গুৱাহাটীঃ ক’ভিডসৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত ব্যক্ত কৰে যে, আগন্তুক চাৰি-পাঁচ দিনৰ ভিতৰতে ক’ভিড কেয়াৰ চেণ্টাৰত সাজু হ’ব ১,০৫০খন বিচনা। ইয়াৰে সৰুসজাই, খানাপাৰা, পতঞ্জলি আৰু কাঁহীকুছিৰ ক’ভিড কেয়াৰ চেণ্টাৰত এই বিচনাসমূহৰ ব্যৱস্থা কৰা হ’ব। সৰুসজাইত ৪০০খন বিচনা, খানাপাৰাত আইচিইউ ক’ভিড কেয়াৰত ১০০খন বিচনা থাকিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আৰু পঢ়িব পাৰিব: ধোনী ক্লান্ত! কোন তাৰকাই ‘মাহী’ক দিলে বিশ্ৰামৰ পৰামৰ্শ?
ইয়াৰ বিপৰীতে পতঞ্জলিত ৪০০খন আৰু কাঁহীকুছিত ২৫০খন বিচনাৰ ব্যৱস্থা কৰা হ’ব। চাৰিৰপৰা পাঁচ দিনৰ ভিতৰত সাজু কৰিব পৰা যাব বুলি মন্তব্য কৰে তেওঁ। এই মুহূৰ্তলৈ অক্সিজেন, প্ৰয়োজনীয় সকলো ঔষদ মজুত আছে বুলিও সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ডাব’ল মিউচেণ্ট সংক্ৰমিত ৰোগীক আছুতীয়াকৈ ৰখাৰ কোনো প্ৰযোজনীয়তা নাই।
প্ৰথম পৰ্যায়ৰ ক’ভিডৰ সক্ৰমণৰ সময়ত এখন ঘৰত ক’ভিড আক্ৰান্ত হ’লে আনজনে সাৱধানতা অৱলম্বন কৰিলে ৰক্ষা পৰে। কিন্তু এইবাৰ এজনৰ হ’লে ঘৰৰ আনকেইগৰাকীৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেযে দেহত কোনো লক্ষণ দেখা দিলে বেমাৰ নুলুকাবলৈ আহ্বান জনায় মন্ত্ৰীজনে। লগে লগে পৰীক্ষা কৰাৰ পৰামৰ্শ স্বাস্হ্যমন্ত্ৰীগৰাকীৰ।
আৰু পঢ়িব পাৰিব: বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু : আটক ২জন
খানাপাৰাত অথবা জিএমচিএইচৰ খালী স্থানত নিৰ্মাণ হ’ব ক’ভিডত চিকিৎসালয় বুলিও ব্যক্ত কৰে। ২০০খন আইচিইউ বিচনাযুক্ত আৰু ৪৬৮ অক্সিজেনযুক্ত বিচনা নিৰ্মাণ কৰা হ'ব। বিপিএল ৰোগীৰ দায়িত্ব গ্ৰহণ কৰিব চৰকাৰে। এইবাৰ ক’ভিডে বেছি ভংয়কৰ ৰূপ ল’ব বুলিও তেওঁ প্ৰকাশ কৰে৷ দুদিনতে হাওঁফাওঁতো কৰিব পাৰে আক্ৰমণ। দুয়োবিধ কৰ’না ভেকচিনে সমানে কাৰ্যক্ষম কৰিব।
Leave A Comment