• ক’ভিড চিকিৎসাৰ বাবে সাজু জিএমচিএইচঃ অসুবিধাত নপৰে সাধাৰণ ৰোগীও

    আঞ্চলিক
    ক’ভিড চিকিৎসাৰ বাবে সাজু জিএমচিএইচঃ অসুবিধাত নপৰে সাধাৰণ ৰোগীও

    গুৱাহাটীঃ দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে গ্ৰাস কৰাৰ সময়তে যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুত কৰা হৈছে জিএমচিএইচ কৰ্তৃপক্ষ। জিএমচিএইচৰ এটা অংশ(অৰ্থ ক’ভিড ৩) ক’ভিডৰ বাবে বিশেষভাৱে ৰখা হ'ব। আজিৰেপৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। কিন্তু সাধাৰণ ৰোগীৰ বাবে অব্যাহত থাকিব চিকিৎসা সেৱা, এই কথা স্পষ্ট কৰিলে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই।





    আৰু পঢ়িব পাৰিব:যোৰহাটত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক





    ১৩০ৰ পৰা ১৪০খন বিচনাৰ লগতে ৬৪টা আইচিইউ ক’ভিডৰ বাবে সাজু কৰা হৈছে। লগতে এমএমচিএইচ, কালাপাহাৰ ক’ভিড হাস্পতালৰো বিছনা বৃদ্ধি কৰা হৈছে। সাধাৰণতে আইচিইউত থকা সকলো ৰোগীকে Supper Specialty হাস্পতালৰ আইচিইউলৈ পৰ্যায়ক্ৰমে লৈ যোৱা হ'ব। অক্সিজেনৰ বিশেষ সুবিধা ৰখা হৈছে আইচিইউসমূহত। বৰ্তমান জিএমচিএইচ, কালাপাহাৰ ক’ভিড হাস্পতাল, এমএমচিএইচত ৯৯৮গৰাকী ৰোগী বৰ্তমানেও আছে।





    আৰু পঢ়িব পাৰিব:সৰ্ববৃহৎ বিবাহ বিচ্ছেদ, ক্ষতিপূৰণৰ পৰিমাণে চকু কপালত তুলিব আপোনাৰো!





    বৃহস্পতিবাৰে ৰে’লৱে ষ্টেচনত ৫৮ আৰু বিমান বন্দৰত ৪১জনৰ দেহত ক’ভিডৰ উপস্থিতিয়ে দেখা দিছিল। জিএমচিএইচত আজিৰ দিনটোত মুঠ ২,১৮০খন বিচনা মজুত আছে, এইক্ষেত্ৰত সাধাৰণ ৰোগীৰ কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়।