National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
টীয়কঃ ‘নিয়া’ৰ আদালতত দোষমুক্ত হিচাপে ঘোষণা হৈ শিৱসাগৰ সমষ্টি অভিমুখে প্রথমবাৰৰ বাবে কৃষক নেতা অখিল গগৈ গুৱাহাটীৰপৰা ৰাওনা হোৱাৰ পথত বিভিন্ন অঞ্চলত নেতাগৰাকীৰ সমৰ্থকে আদৰণি জনায়। সেইমৰ্মে ভালেসংখ্যক সমৰ্থকে নিজ নিজ অঞ্চলত আদৰণি জনাই অখিল গগৈৰ কনভয়ৰ সৈতে শিৱসাগৰ অভিমুখে গমন কৰিছিল।
কিন্তু যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰা ক’ভিডৰ নতুন এছঅ’পি অনুসৰি দুপৰীয়া ২বজাৰ পৰা আন্ত:জিলা যাতায়াত আৰু একাধিক ব্যক্তি একেলগে গোট খোৱাটো নিষিদ্ধ, সেয়ে ক’ভিড বিধি ভংগ কৰাৰ অপৰাধত শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ সীমাৱৰ্তী অঞ্চল জাঁজীত টীয়ক আৰক্ষীয়ে মুঠ এঘাৰখন গাড়ীসহ সমৰ্থকক আটক কৰে।
ইতিমধ্যে, আটক কৰা গাড়ীসমূহৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে ক’ভিড বিধি উলংঘাৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে।
Leave A Comment