ৰাষ্ট্ৰীয়
নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে দেশত পূৰ্ণগতিত চলিছে টিকাকৰণ অভিযানো। তৃতীয় পৰ্যায়ৰ টিকাকৰণত ১৮ৰপৰা ৪৪বছৰ বয়সৰ লোকসকলক সামৰি লোৱা হৈছে। ইতিমধ্যে দেশৰ সাধাৰণ নাগৰিকসকলৰ দৰেই বহু তাৰকায়ো টিকা গ্ৰহণ কৰিছে। তেওঁলোকে এই বিষয়ে ছ’চিয়েল মিডায়ত প্ৰকাশ কৰি সজাগতা সৃষ্টিৰো প্ৰচেষ্টা অব্যাহত ৰাখিছে।
আৰু পঢ়িব পাৰিব : ৰাজ্যত গণতন্ত্ৰ শেষ হোৱাৰ ইংগিত! শপতগ্ৰহণৰ পাছতে ৰাজ্যপালৰ বিস্ফোৰক মন্তব্য
আজি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে। ক’ভিডৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰি তেওঁ অনুৰাগীসকলক সচেতনতাৰ বাৰ্তাও প্ৰদান কৰে। সকলোকে যথাসম্ভৱ সোনকালে প্ৰতিষেধক গ্ৰহণ কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনালে কোহলীয়ে।
আৰু পঢ়িব পাৰিব : প্ৰথম সংবাদমেলতে নতুন মুখ্যমন্ত্ৰীয়ে দিলে আশাৰ বাৰ্তা, পঢ়ক সবিশেষ…
আনহাতে, তাৰকা পেচ বলাৰ ঈশান্ত শৰ্মায়ো পত্নী প্ৰতিমা সিঙৰ সৈতে প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰি আলোকচিত্ৰ প্ৰকাশ কৰিছে। সকলোকে প্ৰতিষেধক গ্ৰহণৰ আহ্বানো জনালে ক্ৰিকেট তাৰকাগৰাকীয়ে। উল্লেখ্য যে, যোৱা সপ্তাহহত উমেশ যাদব, আজিংক্য ৰাহানে, শিখৰ ধৱন আদি তাৰকায়ো প্ৰতিষেধক গ্ৰহণ কৰিছিল।
Leave A Comment