comScore
  • ক’ভিড ভেকচিন সন্দৰ্ভত ভুল তথ্য প্ৰকাশ কৰিছে হিমন্তইঃ ৰিপুন বৰা

    আঞ্চলিক
    ক’ভিড ভেকচিন সন্দৰ্ভত ভুল তথ্য প্ৰকাশ কৰিছে হিমন্তইঃ ৰিপুন বৰা

    গুৱাহাটী: ‘ক’ভিড ভেকচিন সন্দৰ্ভত ভুল তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷’-এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ আজি নতুন দিল্লীত সাংসদ ৰিপুন বৰাই এখন সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে৷





    বৰাৰ মতে, কেৱল ২০লাখ লোকেহে দুয়োটা ড’জ লৈছে৷ ৰাজ্য চৰকাৰৰ ১০০দিনীয়া কাৰ্যকাল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰিপুন বৰাই৷ ১০০ দিনত ১৮৩ কোটি টকাৰ ড্ৰাগ্ছ জব্দৰ তথ্য৷ কিন্তু ড্ৰাগছৰ বেপাৰ একেদিনাই গঢ়ি উঠা নাছিল৷





    বিজেপি চৰকাৰৰ দিনতে গঢ়ি উঠিছিল ড্ৰাগছৰ সাম্ৰাজ্য বুলি অভিযোগ উত্থাপন কৰে তেওঁ৷ ৰাজ্যত ৩৫টা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনাই মানৱ অধিকাৰ উলংঘন কৰিছে বুলিও মন্তব্য কৰে ৰিপুনে৷ গো-সুৰক্ষা আইনে কৃষকসকলক ক্ষতিগ্ৰস্ত কৰিব বুলি ব্যক্ত কৰে তেওঁ৷