Regional
গুৱাহাটীঃ ‘জিএমচিএইচ’ৰ চৌহদৰ নৱনিৰ্মিত ২০০খন বিচনাযুক্ত আইচিইউ ব্লক উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত আছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ কুইন ওজা, বিধায়ক তৰংগ গগৈ, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল , স্বাস্থ্যবিভাগ আৰু এনএইচএমৰ বিষয়া-কৰ্মচাৰীসকল। মুখ্যমন্ত্ৰী শৰ্মাই ভাষণ প্ৰসংগত কয় যে, ‘জিএমচিএইচ’ৰ ২০০খন আইচিইউ বিচনা, অসমৰ স্বাস্থ্যখণ্ডৰ বাবে আন এক গৌৰৱ বুলিও মন্তব্য প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ জন্মদিনৰ এয়া শ্ৰেষ্ঠ উপহাৰ বুলিও তেওঁ কয়।
বিগত ২টা মাহত স্বাস্থ্যমন্ত্ৰীয়ে যথেষ্ট ভাল কাম কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। সৰ্বমুঠ ৫৯১, আইচিইউ বিচনাৰে ক’ভিডযুদ্ধৰ বাবে ন -ৰূপত সাজু ‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল’। একেদিনাই ‘জিএমচিএইচ’ত লিকুইড অক্সিজেন ৰাখিব পৰা ৮ হাজাৰ লিটাৰৰ নতুন টেংক মুকলি কৰে। ‘ক’ভিডসৃষ্ট পৰিৱেশৰ এই সময়ত আজিৰ দিনটোত মোৰ মূৰৰ পৰা বহুত ডাঙৰ বোজা আঁতৰিল’ বুলিও তেওঁ ব্যক্ত কৰে। ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ গ্ৰাম্য অঞ্চলত থকা হাস্পতালসমূহত পৰ্যাপ্ত চিকিৎসক পঠোৱাৰ নির্দেশ মুখ্যমন্ত্ৰীৰ।
আজিৰ দিনটোত অসমে প্ৰতিদিনে ১০১মেট্ৰিকটন লিকুইড অক্সিজেন প্ৰস্তুত কৰে। ঘৰলৈ যোৱা ক’ভিড ৰোগীক প্ৰয়োজনত অক্সিজেন কঞ্চেনটেট’ৰ দি পঠাবলৈ স্বাস্থ্যমন্ত্ৰীক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰোগীৰ চাহিদা পূৰণ হোৱাৰ পাছত অক্সিজেন চিলিণ্ডাৰ ঘূৰাই দিব লাগিব স্বাস্থ্য বিভাগক বুলিও মন্তব্য প্ৰকাশ কৰে শৰ্মাই। ইফালে, ৮৯৪ গৰাকী ষ্টাফ নাৰ্ছৰ নিযুক্তি দিয়াৰ কথাও ভাষণ প্ৰসংগত প্ৰকাশ কৰে।
‘জিএমচিএইচ’ত পূৰ্বে ৩৯১টা আইচিইউ আছিল, আজিৰেপৰা ৫৯১টা হ’ল বুলিও মন্তব্য প্ৰকাশ কৰে তেওঁ। প্ৰায় ১১৫০ ৰাজ্যত আইচিইউ নিৰ্মাণৰ কাম চলি আছে। শিশুৰ ভেকচিন নোহোৱা হৈছে বুলি কোৱাৰ লগতে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও শৰ্মাই কয়। গাঁৱৰ হাস্পতাললৈ তাৎক্ষণিকভাৱে ২জন ডাক্তৰ, ৪গৰাকী নাৰ্ছ পঠাবৰ বাবে স্বাস্থ্যমন্ত্ৰীক নিৰ্দেশ প্ৰদান কৰিছে।
Leave A Comment