Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
ডিব্ৰুগড় : ৰাজ্যৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ক'ভিড আক্ৰান্ত জিলাত পৰিণত হৈছে ডিব্ৰুগড়। বিগত দহ দিনত প্ৰতিদিনে দৈনিক ২০০ পৰা ৩০০জন ব্যক্তি আক্ৰান্ত হৈছে ক'ভিড-১৯ত। সোমবাৰে ডিব্ৰুগড়ত নতুনকৈ সৰ্বাধিক ৩৭১গৰাকী কৰ’না ৰোগী চিনাক্ত হয়। এপ্ৰিল মাহতে জিলাখনত ২৭২২গৰাকীলৈ বৃদ্ধি ক'ভিড ৰোগী পায়। বৰ্তমান চিকিৎসাধীন হৈ আছে ১,৯৩৫ জন ৰোগী।
আৰু পঢ়িব পাৰিব : স্থগিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা !
তদুপৰি হোম আইছ'লেচনত আছে ১,৭০৪ জন লোক। হোম আইছ'লেচনত থকা ৩গৰাকী ৰোগী মৃত্যু হোৱাৰ পাছতে বিষয়টো গুৰুত্ব সহকাৰে লৈছে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। উল্লেখ্য যে, ক'ভিড পৰীক্ষাৰ অন্তত বহুলোকে ক'ভিড চেণ্টাৰলৈ যোৱাৰ পৰিৱৰ্তে হোম আইছ'লেচনত থকাৰ ইচ্ছা প্ৰকাশ কৰে।
হোম আইছ'লেচনত থকাৰ সময়ত উন্নত চিকিৎসা আৰু অক্সিজেনৰ যোগান বহুতৰ বাবে সম্ভৱপৰ হৈ নুঠাৰ বাবেই শোকাৱহ মৃত্যুক আঁকোৱালি লৈছে। এনে সময়ত ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ পেলিয়েটিভ ট্ৰাষ্টে আইছ'লেছনত থকা ক'ভিড ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াইছে।
আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ ফলাফল ওলাল, পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম…
আনহাতে ডিব্ৰুগড় জিলাত ক'ভিড ভেকচিন লোৱাৰ পাছতো বহুলোক আক্ৰান্ত হৈছে মহামাৰী কৰ’নাত। অৱশ্যে ভেকচিন লোৱা মৃত্যু ঘটা নাই বুলি উল্লেখ কৰিছে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ডাঃ গায়ত্ৰী গগৈয়ে।
Leave A Comment