ৰাষ্ট্ৰীয়
লক্ষ্ণৌঃ কৰ’নাৰ ত্ৰাসে টোপনি হৰিছে দেশবাসীৰ। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ভালেকেইজন কিংবদন্তি ক্রীড়াবিদ এতিয়া ক’ভিড-১৯ত আক্রান্ত হৈ মৃত্যুক সাবটি ল’বলগা হৈছে। তালিকাত এইবাৰ সংযোজন হৈছে অলিম্পিয়ান ৰবীন্দ্র পাল সিং। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৫ বছৰ।
ক’ভিড-১৯ত আক্ৰান্ত হৈ ২৪এপ্রিত লক্ষ্ণৌৰ বিবেকানন্দ চিকিৎসালয়ত ভর্তি কৰা হয় অলিম্পিয়ান ৰবীন্দ্র পাল সিঙক। ২সপ্তাহ ধৰি কৰ’নাৰ বিৰুদ্ধে যুজঁ দিয়াৰ পাছত তেওঁক আইচিইউত ভর্তি কৰা হৈছিল। পৰিয়ালৰ তৰফৰ পৰা জনোৱা হৈছে যে, বৃহস্পতিবাৰে তেওঁ কৰ’নামুক্ত হৈছিল। তৃতীয়বাৰ পৰীক্ষাৰ পাছত ৰিপ’র্ট নেগেটিভ আহিছিল। ইয়াৰ পাছত ৰবীন্দ্র পাল সিঙক কভিডমুক্ত ৱার্ডলৈ স্থানান্তৰ কৰা হয় যদিও শনিবাৰে তেওঁৰ মৃত্যু হয়।
আৰু পঢ়িব পাৰিব : ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা পৰেশ হাজৰিকাৰ দেহাৱসান
সীতাপুৰত জন্ম ৰবীন্দ্র পাল সিঙৰ।৮০ৰ দশকৰ নাম কৰা চেণ্টাৰ হাফ আছিল তেওঁ। ১৯৭৯ চনত জুনিয়ৰ বিশ্বকাপৰ জৰিয়তে দেশক প্রতিনিধিত্ব কৰাৰ লগতে ১৯৮০চনত মস্কো অলিম্পিকত সোণৰ পদক জয়ী ভাৰতীয় দলৰ সদস্যও আছিল ৰবীন্দ্র পাল সিং। ১৯৮৪চনত লছ এঞ্জেলছ অলিম্পিকতো তেওঁ অংশগ্ৰহণ কৰিছিল। অলিম্পিকৰ উপৰি ১৯৮০-১৯৮৩ চনত চেম্পিয়ন্স ট্রফিৰ বাবে দেশৰ হৈ প্রতিনিধিত্ব কৰিছিল। ১৯৮২ চনত মুম্বাইত অনুষ্ঠিত হকী বিশ্বকাপত, সেই বৰ্ষতে কৰাচিত অনুষ্ঠিত এছিয়া কাপ,পাছৰ বছৰত হংকংয়ত ১০ দেশীয় হকী প্রতিযোগিতাত দেশৰ হৈ প্রতিনিধিত্ব কৰে। ১৯৮৪ চনত হকীৰ পৰা তেওঁ অবসৰ লৈছিল। ষ্টেট বেংকৰ কৰ্মচাৰী আছিল ৰবীন্দ্র পাল সিং। হকীৰ পৰা অৱসৰ লোৱাৰ পাছত স্বেচ্ছাই বেংকৰ চাকৰীৰ পৰা অৱসৰ লয় তেওঁ।
আৰু পঢ়িব পাৰিব : হাস্পতালৰ গাফিলতিঃআক্ৰান্ত নোহোৱা ব্যক্তিকো ক’ভিড ৱাৰ্ডত ভৰ্তি
ৰবীন্দ্র পাল সিঙৰ মৃত্যুত দেশৰ ক্রীড়ামহলত এতিয়া শোকৰ ছাঁই পৰিছে। ভাৰতীয় হকী কৰ্তৃপক্ষৰ তৰফৰ পৰাও শোকপ্ৰকাশ কৰিছে। কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজেজুও এই কিংবদন্তি হকী তাৰকাগৰাকীৰ মৃত্যুত শোকপ্রকাশ কৰিছে। টুইটাৰযোগে তেওঁ শোক জ্ঞাপন কৰি লিখিছে-‘ৰবীন্দ্র পাল সিঙৰ মৃত্যুত আমি গভীৰভাৱে শোকাহত। ১৯৮০চনত মস্কো অলিম্পিকৰ সোণৰ পদক জয়ী হকী খেলুৱৈগৰাকীৰ মৃত্যু অপূৰণীয় ক্ষতি। ভাৰতীয় ক্রীড়া ক্ষেত্রত তেওঁৰ অৱদান স্মৰণীয় হৈ থাকিব।’
Leave A Comment