• ক’লা আইনৰ পৰীক্ষাগাৰ অসম!

    আঞ্চলিক
    ক’লা আইনৰ পৰীক্ষাগাৰ অসম!

    ডিজিটেল ডেস্কঃ কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চল তথা অসম ক মাহী আইৰ দৃষ্টিৰে চায় বুলি ৰাইজে সদায়েই এটা অভিযোগ কৰি আহিছে৷ এই অভিযোগ যে কোনোবাখিনিত সঁচা সেইয়া বহু সময়ত প্ৰমাণিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিৰ উপভোগৰ তালিকাত অসম বা উত্তৰ -পূৰ্বাঞ্চলৰ স্থান সদায়েই নিম্ন৷ ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসম বা উত্তৰ-পূৰ্বাঞ্চল বহুখিনিত পিছপৰি ৰ’ল৷ কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলক চৰকাৰী আঁচনিৰ সুবিধা দিয়াটো বাদেই এতিয়া যেন কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক এক প্ৰকাৰৰ শত্ৰু জ্ঞান কৰিছে বুলি ক’লেও ভুল কৰা নহ’ব৷ কেইটামান উদাহৰণেৰে কথাটো আমি প্ৰমাণ কৰিব পাৰোঁ৷






    প্ৰথমে আহোঁ ‘আফস্পা’ প্ৰসংগলৈ৷ আফস্পা অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ(বিশেষ ক্ষমতা) আইন হৈছে সেনাৰ বাবে প্ৰণয়ন কৰা এক বিশেষ আইন। আইনখন ১৯৫৮ চনত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অসম আৰু ত্ৰিপুৰাত বিচ্ছিন্নতাবাদী ক্ৰিয়া-কলাপ প্ৰশমিত কৰিবলৈ আৰম্ভ কৰা হৈছিল। আইনখন ৮০ দশকত পঞ্জাবত আৰু ৯০ দশকত জম্মু আৰু কাশ্মীৰত কাৰ্যকৰী কৰা হৈছিল। আইনখন তেতিয়াৰ পৰা তাতো বলবৎ হৈ আছে। সহজাৰ্থত এ.এফ.এছ.পি.এ.-য়ে সশস্ত্ৰ বাহিনীক ‘অশান্ত এলেকা’ত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা প্ৰদান কৰে।






    আইনখন প্ৰযোজ্য হৈ থকা এটা এলেকাত পাঁচ বা ততোধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰাৰ কৰ্তৃত্ব আছে, যদি সেনাবাহিনীয়ে অনুভৱ কৰে যে এজন ব্যক্তিয়ে আইন উলংঘা কৰিছে তেনেহ’লে তেওঁলোকে উপযুক্ত সতৰ্কবাণী দিয়াৰ পাছত বল প্ৰয়োগ কৰিব পাৰে বা আনকি গুলীচালনা পৰ্যন্ত কৰিব পাৰে।






    যদি যুক্তিসংগতত সন্দেহ থাকে, সেনাই কোনো আগতীয়া জাননী অবিহনে এজন ব্যক্তিক গ্ৰেপ্তাৰো কৰিব পাৰে৷ গ্ৰেপ্তাৰ কৰা বা জিম্মাত লোৱা যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা পৰিস্থিতিৰ বিৱৰণ দিয়া প্ৰতিবেদনৰ সৈতে নিকটতম আৰক্ষী থানাৰ দায়িত্বত থকা বিষয়াজনক হস্তান্তৰ কৰা হ’ব পাৰে।






    যিকোনো লোককে ‘ৱাৰেণ্ট’ অবিহনে যিকোনো ঠাইতে তেওঁলোকৰ ঘৰত অনুসন্ধান কৰিব পাৰে। যদি কোনো ঠাইত উগ্ৰপন্থীৰ ঘাটি আছে বুলি সন্দেহ কৰে, তাক দ্বিধাহীনভাৱে ধ্বংস কৰিব পাৰে৷
    যদি বাহন এখনে ৰাস্তাত সন্দেহজনকভাৱে চলা-ফুৰা কৰা সেনাবাহিনীয়ে লক্ষ্য কৰে, তেন্তে সেই বাহন তৎক্ষণাৎ ৰখাব আৰু তালাচী কৰিব পাৰে। সৰ্বোপৰি, এই আইনৰ অধীনত, সংশ্লিষ্ট সেনা বিষয়াৰ বিৰুদ্ধে কোনো তদন্ত বা আইনী ব্যৱস্থা ল’ব পৰাৰ ব্যৱস্থা নাই৷





    আফস্পা আইনখনক ইতিমধ্যে মানৱ অধিকাৰ কৰ্মীসকলে ক’লা আইন বুলি অভিহিত কৰিছে৷ গণতন্ত্ৰত বিশ্বাসী প্ৰতিজনেই এই আইনখনৰ নৈতিকভাৱে বিৰোধিতা কৰে৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত একোখন চৰকাৰ থকাৰ পাছতো আফস্পা প্ৰযোজ্য হৈ থকা ৰাজ্যসমূহত সেনাবাহিনীয়ে বিশেষ ক্ষমতাৰ সুবিধা গ্ৰহণ কৰি ৰাজ্যসমূহৰ নাগৰিকৰ ওপৰত দমন, উৎপীড়ন চলাই আহিছে৷ অসমতো ইয়াৰ ক’লা ইতিহাস আছে৷ অসমীয়া মানুহৰ মানসপটত আজিও সজীৱ হৈ আছে নব্বৈ দশকৰ দুঃসহ স্মৃতি৷ দুঃস্বপ্নৰ দৰে খেদি ফুৰা সেই স্মৃতিয়ে আজিও ভীতিবিহ্বল কৰি তোলে অসমবাসীক৷ শেহতীয়াকৈ, নাগালেণ্ডত সংঘটিত ঘটনা তেনে এটি উদাহৰণ৷ ১৪ গৰাকী নীৰিহ নগা লোকক গুলীয়াই হত্যা কৰা হ’ল একমাত্ৰ আফস্পাৰ ক্ষমতা থকাৰ বাবেই৷





    এই ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে আফস্পা উঠাই লোৱাৰ দাবী উত্থাপন কৰিছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই পুনৰবাৰ আফস্পাক ক’লা আইন বুলি অভিহিত কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ সন্ধিক্ষণৰ এই সময়েই জনসমাজ তথা চৰকাৰ উভয়ৰে দিশৰ পৰাই আফস্পা আৰু সমপৰ্যায়ৰ আইনসমূহ উঠাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উচিত মুহূৰ্ত বুলি বিবেচিত হৈছে৷






    ২০০০ চনৰ ২ নৱেম্বৰ। মণিপুৰৰ ২৮ বছৰীয়া যুৱতী ইৰম চানু শৰ্মিলাই অনশন আৰম্ভ কৰিছিল। ইৰম শৰ্মিলাৰ অনশনৰ কাৰণ আছিল তেওঁ সেনাৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল। আৰু তেওঁ সেই দাবীৰ সৈতে দীঘলীয়া ১৬ বছৰ ধৰি অনশন কৰিছিল। ১৬ বছৰজুৰি অনশন কৰা শৰ্মিলাক বিশ্বৰ ভিতৰত দীর্ঘ সময় অনশন কৰা নাৰী হিচাপে গণ্য কৰা হৈছে৷ ইৰম শৰ্মিলাক ‘আইৰণ লেডী’ বুলি কোৱা হয়। ভাৰতৰ মহিলা আইকনসকলৰ ভিতৰত আটাইতকৈ প্ৰশংসিত আৰু চৰ্চিত নামবোৰৰ ভিতৰত অন্যতম ইৰাম চানু শৰ্মিলা।





    আফস্পা পাছত এতিয়া আহোঁ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ কা’ প্ৰসংগলৈ৷ চৰকাৰী পক্ষই যিমানেই এই আন্দোলনৰ সু-ফলৰ কথা নকওঁক কিয়, আইনখনে বিশেষকৈ অসমক যে ক্ষতি কৰিব সেইটো নিশ্চিত৷ কিয়নো অসমৰ বাদে উত্তৰ-পূৰ্বাঞ্চলৰ আন সকলো ৰাজ্যতে ষষ্ঠ অনুসূচী প্ৰযোজ্য হৈ আছে, তেনেস্থলত বাকী কেইখন ৰাজ্যত কা’ প্ৰযোজ্য হোৱা কোনো খল নাথাকে৷ কেন্দ্ৰীয় চৰকাৰে কা’ বিধি প্ৰস্তুত কৰিলে অসমৰ অৱস্থা কি হ’ব সেইয়া সহজে অনুমেয়৷





    গতিকে কেন্দ্ৰীয় চৰকাৰে সকলো জাতি বিৰোধী আইন কিয় কেৱল অসমখন ক পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰে, সেয়াই এতিয়া ৰাইজৰ মাজত উত্থাপিত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷