• ক'ভিডত আক্ৰান্ত হৈ বিশিষ্ট শিক্ষাবিদ, গৱেষক ড° নিৰু হাজৰিকাৰ মৃত্যু

    আঞ্চলিক
    ক'ভিডত আক্ৰান্ত হৈ বিশিষ্ট শিক্ষাবিদ, গৱেষক ড° নিৰু হাজৰিকাৰ মৃত্যু

    গুৱাহাটী : বিশিষ্ট শিক্ষাবিদ, গৱেষক, পণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° নিৰু হাজৰিকাৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয়৷ বিগত কেইবাদিনো ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল নিৰু হাজৰিকা। গুৱাহাটী বিশ্ববিদ্যালয়তে শিক্ষকতা আৰম্ভ কৰি তাৰে পৰাই তেওঁ অৱসৰ গ্ৰহণ কৰিছিল৷ উত্তৰ-পূৰ্বাঞ্চল প্ৰথমগৰাকী ডি-লিট ডিগ্ৰী লাভ কৰা মহিলা আছিল তেওঁ৷

    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো শৈক্ষিক সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিছিল৷ আজি ভূতনাথ শ্মশানত ড° নিৰু হাজৰিকাৰ নশ্বৰ দেহ সৎকাৰ কৰা হয়। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথকে ধৰি ভালেসংখ্যক লোক।

    পি পি কিট পৰিধান কৰি শ্মশানত প্ৰৱেশ কৰে কেশৱ মহন্ত, সমুজ্জ্বল ভট্টাচাৰ্যই৷ তেওঁ মৃত্যু অসমৰ শিক্ষা জগতৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা ভট্টাচাৰ্যই।