Sci & Tech
গুৱাহাটী : কৰ'না পাছতে ভয়াৱহ ৰাজ্যত ৰূপত বৃদ্ধি পাইছে এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা৷ কামৰূপ মহানগৰত এইচআইভি পজিটিভ ৰোগীয়ে এতিয়া সৃষ্টি কৰিছে আতংকৰ৷ ৬,৮৮৮ গৰাকী পজিটিভ ৰোগীয়ে শীৰ্ষস্থানত আছে কামৰূপ মহানগৰ৷
ইয়াৰ উপৰি ডিব্ৰুগড়ত ১,২৪৫, কাছাৰত ৪,৬০৯, কৰিমগঞ্জত ২৯, নগাঁও ৮১৪, গোলাঘাট ৫১৬, শোণিতপুৰ ৫৩৯, যোৰহাট ৬৫৪ গৰাকী ৰোগীয়ে ৰাজ্যত মুঠ ২১,২২৩ গৰাকী চিনাক্ত হৈছে৷
ড্ৰাগছ সেৱনৰ ফলতে বৃদ্ধি পাইছে এইচআইভি পজিটিভৰ সংখ্যা ৷ NACCO ৰ পৰা কেৱল ৬ টা স্থানত পৰীক্ষাৰ অনুমতি পাইছিল ৷ গ্ৰাম্য অঞ্চলত নিজাববীয়াকৈ পৰীক্ষাৰ কৰিছে এইডচ কণ্ট্ৰ'ল ছচাইটিয়ে ৷ কামৰূপ মহানগৰত পৰীক্ষা পৰিমাণ বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে HIV পজিটিভৰ সংখ্যা ৷
Leave A Comment