আঞ্চলিক
গুৱাহাটী : বিশাল ক'ভিড প্ৰতিষেধক অভিযানলৈ ৰাজ্যজুৰি ব্যাপক সঁহাৰি৷ বৃহস্পতিবাৰে নিশা ৮.৩০ বজালৈ চলিল ৬.৮০ লাখ লোকক টীকাকৰণ৷ এই অভূতপূৰ্ব সহাঁৰিৰ বাবে ৰাজ্যবাসী তথা স্বাস্থ্যকৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে হাতত লৈছিল এই কাৰ্যসূচী৷
বিশাল ক'ভিড প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত দিনটোত ৭.১০ লাখ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লৈছিল স্বাস্থ্য বিভাগে৷ বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ ৬,৭৯,৯৭৩ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয় বুলি জানিবলৈ পোৱা গৈছে৷
এতিয়ালৈকে ৰাজ্যবাসীৰ মাজত মুঠ ২,১৫,৯৫,৩০৯ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰিছে স্বাস্থ্য বিভাগে৷ ৰাজ্যত ১,৭২,০৫,৯৮৫ গৰাকী লোকে লৈছে প্ৰথম পালি ক'ভিড প্ৰতিষেধক৷ তাৰবিপৰীতে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৪৩,৮৮,৩২৪ গৰাকীয়ে৷
Leave A Comment