Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
বকোঃ কামৰূপ (গ্ৰাঃ)ৰ ছয়গাঁৱৰ পূব ছমৰীয়া সমবায় সমিতি লিমিটেডৰ সভাপতি আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত দৰিদ্ৰ লোকৰ বাবে চৰকাৰে যোগান ধৰা খাদ্য সুৰক্ষাৰ চাউল আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী দৰিদ্ৰ ৰাইজে।
সুলভ মূল্যৰ গ্ৰাহকলৈ চৰকাৰে আগবঢ়োৱা নৱেম্বৰ মাহৰ ৰাজসাহায্যৰ এমাহৰ সম্পূৰ্ণ কেইবা শ কুইণ্টেল চাউল আত্মসাৎ কৰা বুলি ভুক্তভোগী ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পূব ছমৰীয়া সমবায় সমিতি লিমিটেডৰ সভাপতি আমিনুল ইছলামে বিগত নৱেম্বৰ মাহত সম্পূৰ্ণ চাউল দৰিদ্ৰ লোকক বিতৰণ নকৰি আত্মসাৎ কৰাৰ অভিযোগ তুলি আজি গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক প্ৰতিবাদ সাব্যস্ত কৰে।
‘দুখীয়াৰ চাউল আত্মসাৎ কৰা সভাপতি আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰক, সমবায় সমিতিৰ সভাপতিৰ দুৰ্নীতি নচলিব, দুখীয়া চাউল আত্মসাৎ কৰাৰ তদন্ত কৰক’- আদি শ্লোগানেৰে এক উত্তাল পৰিস্থিতি সৃষ্টি কৰি তোলে৷
Leave A Comment