আঞ্চলিক
গুৱাহাটী :মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজতে খানাপাৰাত ঘটিল অথন্তৰ ৷ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে অসুস্থ হ'ল কেইবাজনো আৰক্ষীৰ লগতে খোদ আৰক্ষী আয়ুক্ত ৷ ১ ঘন্টা ১০ মিনিটজোৰা মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে খানাপাৰাত ঘটিল অথন্তৰ ৷ অচেতন হৈ পৰিল আৰক্ষী আয়ুক্তৰ লগতে বহুজন বিষয়া৷ প্ৰতিবছৰৰ দৰে এইবাৰো খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷
৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে প্ৰথম বাৰৰ বাবে পতাকা উত্তোলন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত বিভিন্ন বিষয় সামৰি ১ ঘন্টা ১০ মিনিটজোৰা ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পেৰেড আৰু চালামিৰে মুখ্যমন্ত্ৰীক অভিবাদন জনাই অসম আৰক্ষীৰ জোৱানসকলে ৷ মুখ্যমন্ত্ৰীৰ ভাষণ কালচোৱাত কেইবাগৰাকীও পেৰেডৰ জোৱান অচেতন হৈ খেলপথাৰতে ঢলি পৰে ৷ উৎকট গৰমৰ বাবে এনেদৰে প্ৰায় ১০ জন জোৱান ঢলি পৰা পৰিলক্ষিত হয় ৷
আনকি আৰক্ষী আয়ুক্ত হৰমিট সিঙো অসুস্থ হৈ পৰে মুখ্যমন্ত্ৰীৰ ভাষণ কালত ৷ আৰক্ষী আয়ুক্তগৰাকী ঢলি পৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ ওচৰৰ পৰাই লৈ যায় আন বিষয়াসকলে ৷ খেলপথাৰতে আৰক্ষী আয়ুক্তগৰাকীক চিকিৎসা প্ৰদান কৰে চিকিৎসকে ৷ ইয়াৰ পাছতেই পেৰেডত থিয় হৈ থকা আন জোৱান সকলক খোৱা পানী যোগান ধৰে চেচ্ছাসেৱক সকলে ৷ মুঠতে অতিপাত গৰমৰ বাবে এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হ'ল স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৷
Leave A Comment