Business
গুৱাহাটী : খানাপাৰাত অনুষ্ঠিত হৈছে ৰ’লাৰ স্কেটিং প্ৰতিযোগিতা। য’ত অংশগ্ৰহণ কৰিছে ৬৭গৰাকী প্ৰতিযোগীয়ে। অসম ৰ’লাৰ স্কেটিং সংস্থাই আয়োজন কৰা এই প্ৰতিযোগিতা দুটা ভাগত অনুষ্ঠিত হৈছে। পুৱাৰ ভাগত ৰোড স্কেটিং, বিয়লিৰ ভাগত ৰিং স্কেটিং জিলা পৰ্যায়ৰ পাছত অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপ। ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বঁটা বিতৰণী সভা।
অলিম্পিকত বৰ্তমানলৈ স্বীকৃতি নাপালেও কিন্তু এই খেলবিধ সমগ্ৰ বিশ্বজুৰি খুবেই চৰ্চিত। অসমতো এই খেলবিধক লৈ নৱ-প্ৰজন্ম অধিক আকৰ্ষিত হোৱা দেখা যায়। ইতিমধ্যে অসম চৰকাৰেও এই খেলবিধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰুত্ব আৰোপ কৰিছে।
সংস্থাই নিজাববীয়াকৈ ৰ’লাৰ ৰিং স্থাপন কৰি প্ৰতিযোগীসকলৰ বাবে সুবিধা কৰি দিছে। চৰকাৰলৈ সংস্থাৰ আহ্বান এই খেলবিধক আৰু অধিক গুৰুত্ব দি অসমৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈসকলক আগবাঢ়ি যাবলৈ যাতে উদগনি দিয়ে লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে।
Leave A Comment