• খানাপাৰা খেলপথাৰৰ গণৰাজ্য দিৱসত ৰাজ্যপাল-মুখ্যমন্ত্ৰী

    আঞ্চলিক
    খানাপাৰা খেলপথাৰৰ গণৰাজ্য দিৱসত ৰাজ্যপাল-মুখ্যমন্ত্ৰী

    গুৱাহাটী : মহানগৰীৰ খানাপাৰা খেলপথাৰত গণৰাজ্য দিৱসত ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ৷ সংবিধান প্ৰণেতাসকলক স্মৰণ ৰাজ্যপালৰ কৰি মহাত্মা গান্ধী, স্বাধীনতা সংগ্ৰামীকো স্মৰণ কৰি সেনা-জোৱানৰ ত্যাগৰ শলাগ ল’লে ৰাজ্যপালে মুখীয়ে৷





    আৰু পঢ়িব পাৰিব : গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ৪টা বাংলাদেশীক আটক…





    চৰকাৰে ক’ভিডৰ সময়ত ভালদৰে যুঁজ দিয়াৰ লগতে জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি ভাষণত কয়৷ ইয়াৰ উপৰি অসমৰ সত্ৰ-নামঘৰসমূহলৈ আগবঢ়োৱা আৰ্থিক অনুদানৰ লগতে সাংবাদিকৰ সেৱাৰ বাবেও ব্যৱস্থা লোৱা হৈছে বুলি ভাষণত এইদৰে ক’লে ৰাজ্যপাল জগদীশ মুখীয়ে৷





    ইপিনে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহ্বানৰ মুখামুখী হৈ সাহস আৰু দৃঢ়তাৰে এই যুদ্ধখন সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল বুলি জানিবলৈ দিয়ে৷ ২০১৬ বৰ্ষৰ পৰা বিভিন্ন আঁচনিত প্ৰায় ১৪ লাখ ভুৱা হিতাধিকাৰীৰ নাম চিনাক্ত কৰি তেওঁলোকৰ নাম বাদ দিয়া হৈছে লগতে বিজেপি চৰকাৰে দুৰ্নীতিত জড়িত ২২৯ গৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছে বুলি ভাষণ প্ৰসংগত কয়৷





    আৰু পঢ়িব পাৰিব : দেশত টাটাই মুকলি কৰিব মডাৰ্না প্ৰতিষেধক!





    ইয়াৰ লগতে তেওঁ কয় ২০১৫-১৬ বৰ্ষত ৯৭৮৮.৫৬ কোটি টকাৰ পৰা ২০১৯-২০লৈ ৰাজহ বৃদ্ধি হৈছে ১৬৫৯৬.২২ কোটিলৈ হৈছে। বৃদ্ধিৰ হাৰ ৬৯.৫৪ শতাংশ৷ ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী খণ্ডত ৪৮.১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদী সীমান্ত ছিল কৰা হৈছে৷ চাৰি বছৰত ১২,৫০০ হেক্টৰ মাটিত ৮.৫০ কোটি গছপুলি ৰোপন কৰা হৈছে৷ কাজিৰঙা উদ্যানৰ তিনি হাজাৰতকৈ অধিক হেক্টৰ মাটি বেদখলৰ পৰা মুক্ত কৰা হৈছে বুলিও কয়৷