Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
গুৱাহাটীঃ কামৰূপ(মঃ)ৰ উপায়ুক্তৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে বন বিভাগৰ শীৰ্ষ বিষয়াসকল। গঁড়ৰ খৰ্গৰ গণনা সম্পৰ্কত এই বৈঠক অনুষ্ঠিত হৈছে। অসমত বৰ্তমান আছে প্ৰায় ২৫০০টা খৰ্গ।
একাংশ খৰ্গ সংগ্ৰহালয়ত ৰাখি অধিকাংশ জ্বলাই দিয়াৰ যো-জা চলোৱা হৈছে। গঁড়ৰ খৰ্গসমূহ সংৰক্ষণ কৰিব চৰকাৰে৷ ১৯৬১ চনৰ পৰা বন বিভাগৰ হাতত থকা গঁড়ৰ খৰ্গসমূহ মাইক্ৰ’স্কপি স্কেনিং আৰু গেছট্ৰমগ্ৰাফিৰে পৰীক্ষা কৰি সংৰক্ষণ কৰা ব্যৱস্থা কৰিছে চৰকাৰে৷
কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বনবিভাগ, কামৰূপ জিলা প্ৰশাসন, ফৰেনছিক বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ উপস্থিতিত পৰীক্ষা কৰা হয় গঁড়ৰ খৰ্গসমূহ৷ ২৬১টা পৰীক্ষা কৰি ১৮টা সংৰক্ষণৰ বাবে সংগ্ৰহ কৰা হয়৷ ২৪১টা খৰ্গ জ্বলাই দিয়াৰো ব্যৱস্থা কৰিব চৰকাৰে৷ ২৯ আগষ্টত জালুকবাৰীৰ ফৰেষ্ট স্কুলত খৰ্গসমূহৰ হ’ব গণশুনানি। এই কথা সদৰী কৰিলে চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন এন কে যাদৱে৷
Leave A Comment