• গংগাধৰ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

    আঞ্চলিক
    গংগাধৰ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

    গোলকগঞ্জঃ আগমনিৰ শিমলাবাৰীৰ গংগাধৰ নৈত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে। ছাগলীয়া আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। মঙলবাৰে আবেলি স্থানীয় ৰাইজে শিমলাবাৰীত গংগাধৰ নৈত এটা মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি ছাগলীয়া আৰক্ষীক অৱগত কৰে।





    আৰক্ষীয়ে নাৱৰদ্বাৰা নৈৰ মাজৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিলেও চিনাক্তকৰণ কৰিব পৰা নাই। প্ৰায় ৪০বছৰীয়া অচিনাক্ত মৃতদেহটোৰ শৰীৰত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰা নাই ৰাইজে।