Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
কাৰ্বিআংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ খান্দাজানত গছত ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন মৰিগাঁৱৰ চৰাইবাঁহী অঞ্চলৰ নিলকান্ত বৰদলৈ বুলি চিনাক্ত কৰা হৈছে ।
আৰু পঢ়িব পাৰিব : বঙাইগাঁৱত গাঁজাসহ সৰবৰাহৰকাৰী আটক
অন্নপূৰ্ণা মাইক্ৰ’ ফাইনেঞ্চৰ টকা সংগ্ৰাহক আছিল মৃত যুৱকজন। সেইমতে নিলকান্ত বৰদলৈ শুকুৰবাৰে টকা সংগ্ৰহ কৰি লংকাস্থিত অন্নপূৰ্ণা মাইক্ৰ’ ফাইনেঞ্চৰ কাৰ্যালয়ত জমা ৰাখি বিয়লি ঘৰলৈ বুলি ওলাই যোৱা যুৱকজনৰ মৃতদেহ আজি পুৱা খেৰণি আৰক্ষী থানা অন্তৰ্গত খান্দাজান গাঁৱৰ কাষতে থকা পথাৰৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে।
আৰু পঢ়িব পাৰিব : গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ
ইতিমধ্যে ঘটনাস্থলীত খেৰণি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি অব্যাহত ৰাখিছে তদন্ত। উল্লেখযোগ্য যে আৰক্ষীৰ অনুসন্ধানতহে পৰৱৰ্তী পৰ্যায়ত সকলো তথ্য পোহৰলৈ আহিব ।
Leave A Comment