জীৱন শৈলী
গুৱাহাটী : গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীত ৪টা বাংলাদেশীক আটক কৰে হাতীগাঁও আৰক্ষীয়ে৷ বাংলাদেশীকেইটাই জনোৱা মতে ঢাকাৰ পৰা চাকৰিৰ প্ৰলোভন দি গুৱাহাটীলৈ আনিছিল এটা দালালে৷
আৰু পঢ়িব পাৰিব : দেশত টাটাই মুকলি কৰিব মডাৰ্না প্ৰতিষেধক!
আগৰতলা হৈ অসমত প্ৰৱেশ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰে বাংলাদেশীকেইটাই৷ চাকৰিৰ বাবে অহা বাংলাদেশীকেইটাই গুৱাহাটীত দালালৰ যোগাযোগ নাপাই কাষ চাপে হাতীগাঁও আৰক্ষীৰ৷ জিম্মাত থকা লোককেইজন ফাইছাল খান, মূৰাত মিজি, ৰিফাট খান আৰু বাপ্পি বেপাৰী সম্পত্তি বুলি জানিবলৈ দিয়ে৷
আৰু পঢ়িব পাৰিব : বিশ্বনাথত আৰম্ভ হ’ল দুখনকৈ ইলেকট্ৰ’নিক বাছৰ চলাচল…
ইয়াৰে ৩ জনৰ ঘৰ বাংলাদেশৰ বড়িছাল জিলাৰ আৰু এজন চান্দপুৰ জিলাৰ বুলি কয়৷ ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে এই কাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷
Leave A Comment