• গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ

    আঞ্চলিক
    গহপুৰত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ

    গহপুৰঃ গহপুৰৰ ঘাঁহিগাঁৱত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিছে প্ৰশাসনে। এক গোপন সূত্ৰৰ পম খেদি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰেপৰা আবকাৰী বিভাগে তালাচী অভিযান চলাই থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা পেট্ৰ'ল পাম্পত UP 81 BT 4225 নম্বৰৰ দহ চকীয়া গাড়ী এখন ৰাখি চালকদৰাকী পলায়ন কৰে।





    আৰু পঢ়িব পাৰিব : বিজেপিৰ শেনচকুৰপৰা বছাবলৈ ৰাজস্থানৰ ৰিজ’ৰ্টত মহাজোঁটৰ প্ৰাৰ্থী





    আবকাৰী বিভাগে কণ্ট্ৰেনাৰ ট্ৰাকখনৰ তলা ভাঙি গোপন চেম্বাৰত থকা বিভিন্ন ব্ৰেণ্ডৰ প্ৰায় আঢ়ৈশ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে অবৈধ সুৰাখিনি উত্তৰ প্ৰদেশলৈ নি থকা হৈছিল।





    আৰু পঢ়িব পাৰিব : গঁড়ৰ আক্ৰমণত নিহত অনিমেশ





    উল্লেখ্য যে অৰুণাচলৰ পৰা গহপুৰৰ মাজেৰে বহি:ৰাজ্যলৈ এনেদৰে গোপনভাৱে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ চলি থাকে। আনহাতে গাড়ীখনৰ ভিতৰত হাৰিয়ানাৰ এখন ভুৱা নাম্বাৰ প্লেটো উদ্ধাৰ কৰা হৈছে।