গহপুৰঃ গহপুৰৰ টকৌবাৰীৰ ৰঙাজান কমাৰ চুবুৰীত যক্ষ্মা ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উদ্বেগজনকভাৱে বৃদ্ধি পাইছে যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। চিন্তিত হৈছে কমাৰ চুবুৰীৰ শ্ৰমিক-ৰাইজ। গহপুৰ মহকুমা স্বাস্থ্য বিভাগৰ চূড়ান্ত অৰ্কমন্যতা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে চুবুৰীটোৰ যক্ষ্মা ৰোগীসকলে তিলতিলকৈ মৃত্যুৰ ক্ষণ গণিছে।
নাই কোনো যক্ষ্মা সজাগতাৰ ব্যৱস্থা, নাই উন্নত চিকিৎসা ব্যৱস্থা। চিকিৎসালয়লৈ গ’লে নিয়মমাফিক এটা টেবলেট দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। উক্ত অঞ্চলৰ ৰাইজৰ অজ্ঞতা আৰু সৰলতাৰ বাবেই গহপুৰ স্বাস্থ্য বিভাগে চুবুৰীটোৰ যক্ষ্মা ৰোগীসকলক উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত চূড়ান্ত অৱহেলা কৰা বুলি আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় নেতা উত্তম গোৱালাই উল্লেখ কৰে। উল্লেখ্য যে, বিগত মঙলবাৰে চুবুৰীটোত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ প্ৰথমজনৰ মৃত্যু ঘটে বুলি গাঁওবাসীয়ে আমাৰ সাংবাদিকক জনাইছে।
Leave A Comment