• গাঁওবুঢ়াসকলৰ নতুন নাম হ’ব গাঁওপ্ৰধান: পীয়ুষ হাজৰিকাৰ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

    আঞ্চলিক
    গাঁওবুঢ়াসকলৰ নতুন নাম হ’ব গাঁওপ্ৰধান: পীয়ুষ হাজৰিকাৰ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

    গুৱাহাটী : আজি অনুষ্ঠিত হয় মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এখন সংবাদমেল৷ এই সংবাদমেলখনত বহুতো গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷ কেবিনেটৰ সিদ্ধান্ত মতে গাঁওবুঢ়াসকলক ‘গাঁওপ্ৰধান’ হিচাপে অভিহিত কৰা হ'ব৷ বয়সৰ ক্ষেত্ৰত ৩০ৰ পৰা ৬৫ৰ ভিতৰত হ'ব লাগিব৷





    আগন্তুক অধিৱেশনত অনা হ’ব গো-সুৰক্ষা আইন৷ ছিপাঝাৰৰ ঢলপুৰত পৰ্যটনৰ বাবে ১৮০ বিঘা ভূমি আবণ্টন কৰা হ'ব৷ ছিপাঝাৰৰ ঢলপুৰ শিৱমন্দিৰ হ’ব পৰ্যটন ক্ষেত্ৰ৷ আনহাতে, নিবনুৱাসকলৰ বাবেও কিছু কথা ব্যক্ত কৰে তেওঁ৷ নিবনুৱাসকলে অনলাইনযোগে পঞ্জীয়ন কৰিব পাৰিব৷ স্থাপন কৰা হ’ব অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়৷ আনহাতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰী মাটিত থকা লোকসকলেও ঘৰ তথা আন সাহায্য লাভ কৰিব৷ বেদখলকাৰী তথা বনাঞ্চলত এই সুবিধা নাপাব৷