আন্তঃৰাষ্ট্ৰীয়
মৰিগাঁওঃ এফালে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি, আনফালে চৰকাৰৰ তৃণমূল পৰ্যায়ৰ গাঁওপ্ৰধানৰ টেবুলৰপৰাই উৎকোচৰ মুকলি বজাৰ আৰম্ভ হৈছে ৰাজ্যৰ ভিন্নস্থানত! ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ প্ৰ-পত্ৰত চহী কৰাৰ বাবতো মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এজাৰবাৰী অঞ্চলৰ জেৰেঙা গাঁও কিছামৰ গাঁওপ্ৰধান নন্দেশ্বৰ বৰদলৈয়ে আদায় কৰিলে ১হাজাৰ টকা।
নন্দেশ্বৰৰ ভাষ্য অনুসৰি ‘পূৰ্বৰ গাঁওবুঢ়া এতিয়া গাঁওপ্ৰধান হ'ল। গাঁওপ্ৰধানৰ আছে অসীম দায়িত্ব। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ প্ৰ-পত্ৰত গাঁওপ্ৰধানে চহী দিবই লাগিব।’ লগতে ধনগ্ৰহণ কৰি গাঁওবুঢ়াজনে ক’লে, পলম হৈছে বহু। আগতেই দিব লাগিছিল। তাকে নকৰাৰ বাবে এতিয়াও পোৱা নাই কৃষক সন্মান নিধিৰ টকা।’
উক্ত গাঁওখনৰ ভুক্তভোগী ব্যক্তি ঘনশ্যাম বৰদলৈ আৰু মণ্টু বৰদলৈয়ে নিয়া কৃষক সন্মান নিধিৰ দুখন প্ৰ-পত্ৰত চহী কৰাৰ বিনিময়ত গাঁও প্ৰধান নন্দেশ্বৰ বৰদৈলৈয়ে আদায় কৰিছে ১হাজাৰ টকা। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতীৰ শ্ল’গান দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বুঢ়া আঙুলি দেখুৱাই গাঁওপ্ৰধানৰ টেবুলৰ পৰাই আৰম্ভ হৈছে মৰিগাঁৱত দুৰ্নীতিৰ জাল। উক্ত ঘটনাত ত্ৰাহিমধুসুদন সোঁৱৰিছে গাঁওবাসীয়ে। দুৰ্নীতিমুক্ত অসমৰ এয়া মাত্ৰ এটা উদাহৰণহে! গাঁওবুঢ়া বৰদলৈৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ উপায়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষ্যণীয়?
Leave A Comment