• গাঁওবুঢ়া নিযুক্তি কেলেংকাৰি; ছাইবুৰৰ পাছত এইবাৰ জালত পৰিব আতিকা!

    আঞ্চলিক
    গাঁওবুঢ়া নিযুক্তি কেলেংকাৰি; ছাইবুৰৰ পাছত এইবাৰ জালত পৰিব আতিকা!

    গুৱাহাটী : মানকাচাৰ-দক্ষিণ শালমৰাত গাঁওবুঢ়া নিযুক্তিৰ ব্যাপক কেলেংকাৰিৰ তদন্তৰ বাবে তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক আজি মুখ্যমন্ত্ৰী তদাৰকী কোষত ১০ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে৷ এই কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষত ৫/২১ নম্বৰত ৰুজু হৈ আছে এটা গোচৰ৷





    উল্লেখ্য যে সেই গোচৰটোত গ্ৰেপ্তাৰ হৈ বৰ্তমান কাৰাগাৰতে আছে ADC ছাইবুৰ ৰহমান৷ ধনৰ লেনদেনৰ বিনিময়ত গাঁওবুঢ়া নিযুক্তি দিয়াৰ অভিযোগ আতিকা-ছাইবুৰৰ বিৰুদ্ধে৷ ইয়াৰ উপৰি মাটি সম্পত্তিৰ গোচৰত চাইবুৰ ৰহমান গ্ৰেপ্তাৰ হোৱাৰ পাছতে বঞ্চিত গাঁওবুঢ়াই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত তৰা এটা গোচৰৰ ভিত্তিতে আজি আতিকা চুলতানাক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল CM Vigilance য়ে৷





    অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে তদানীন্তন উপায়ুক্ত আতিকা চুলতানা। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত উপস্থিত তদানীন্তন উপায়ুক্ত আতিকা৷