Regional
ঢকুৱাখনাঃ পূব ঢকুৱাখনাৰ অভয়পুৰ নাহৰণি গাঁৱৰ তিলক দলে নামৰ এজন ব্যক্তিৰ কন্যা ফাৰনিয়া দলেৰ সোমবাৰে নিশা অস্বাভাৱিকভাৱে মৃত্যু ঘটে। পৰিয়ালৰ লোকে সেই মৃত্যুত কোনো সন্দেহ নকৰি তেওঁলোকৰ নিয়ম অনুসৰি গাঁতত পুতি থৈছিল।
কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ফোন কলৰ ৰেকৰ্ডিঙে সকলোৰে মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ফোন কলৰ তথ্যমতে মৃত ফাৰনিয়াৰ প্ৰেমিকে কিছু গোপন কাৰণত ফাৰনিয়াক বিহ পান কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰিছিল ধেমাজি জিলা মাছখোৱা পমুৱা গাঁৱৰ অৰ্জুন টাইডে।
সেই কথা জানিব পাৰি ঢকুৱাখনা আৰক্ষীয়ে কিশোৰীগৰাকী ঘৰৰ পৰা মঙলবাৰৰ দিনা ঢকুৱাখনা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত কিশোৰীগৰাকীৰ মৃতদেহ গাঁতৰ পৰা খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান পলাটক অৱস্থাত আছে প্ৰেমিক অৰ্জুন টাইড।
Leave A Comment