• গিবন অভয়াৰণ্যত তাঁৰৰ বেৰা নিৰ্মাণৰ নামত ৩৩লাখ টকা আত্মসাতৰ ফন্দি

    আঞ্চলিক
    গিবন অভয়াৰণ্যত তাঁৰৰ বেৰা নিৰ্মাণৰ নামত ৩৩লাখ টকা আত্মসাতৰ ফন্দি

    মৰিয়নি : বন সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈ আগবঢ়োৱা ‘কেমপা’আচঁ‌নিৰ কোটি কোটি টকা একাংশ দুনীৰ্তিগ্ৰস্থ ঠিকাদাৰে বনবিভাগৰে মিলি আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ বনানিকৰণৰ লগতে বন সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ‘কেমপা’ আঁ‌চনিৰ কোটি কোটি টকা মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে কাটা তাঁৰৰ বেৰা দিয়াৰ নামত বন বিভাগৰ শীৰ্ষ বিষয়াৰে মিলি সংশ্লীষ্ট ঠিকাদাৰে আঁ‌চনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰে আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।





    আৰু পঢ়িব পাৰিব : আজিৰেপৰা সংসদৰ বাজেট অধিৱেশন: ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন ১৯টাকৈ বিৰোধী দলৰ





    কম্পেনচেটৰী এ'ফ্ৰষ্টেছন ফাণ্ড মেনেজমেণ্ট চমুকৈ কেমপা বা (ক্ষতিপূৰক বনানিকৰণ কোষ প্ৰবন্ধক)এই আঁ‌চনিৰ অধীনত যোৰহাটৰ একমাত্ৰ বন্যপ্ৰানী অভয়াৰণ্য গিবন অভয়াৰণ্যত ৪,১৩৩ (ৰানিং) মিটাৰ( চেইন লিংক ফেঞ্চিং)তাঁৰৰ বেৰ স্থাপনৰ বাবে ৩৩লাখ ৫৫ হাজাৰ টকা আবণ্টন দিয়ে। কিন্তু তাঁৰৰ বেৰাৰ কাম চলি থকাৰ অৱস্থাতে কঠালগুৰি বন শিবিৰৰ সমীপৰ কঠালগুৰি চাহ বাগিচাৰ কাষত নিৰ্মাণ কৰা তাঁৰৰ বেৰাসহ পকা পোষ্ট ভাগি পৰে। জানিব পৰা মতে যোৰহাটৰ দিপক দত্ত নামৰ ঠিকাদাৰজনে এই
    কামৰ ঠিকা লাভ কৰিছিল।





    আৰু পঢ়িব পাৰিব : কন্যাৰ বিয়াৰ বাবে লাগে ধন : শিশুক অপহৰণ কৰি গ্ৰেপ্তাৰ গাড়ীচালক





    ইফালে বিষয়তোৰ সন্দৰ্ভত মৰিয়নি বনাঞ্চলিক বিষয়া মুকুট ৰাভাৰ মন্তব্য হ’ল ‘কেমপা’ আঁ‌চনিতো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ সেয়ে আঁ‌চনিৰ নিৰ্মাণকাৰ্যৰ মান নিৰুপণ কৰা অনুসৰি হ’ব লাগিব। অসম চৰকাৰৰ শীৰ্ষ বন বিষয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা বিশেষজ্ঞৰ দলে নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰাৰ পাছতহে ঠিকাদাৰে আঁ‌চনিৰ ধনলাভ কৰে। কিন্তু ইয়াৰ বিপৰীতে সংশ্লীষ্ট ঠিকাদাৰে বন বিভাগৰ শীৰ্ষ বিষয়াক মেনেজ কৰি আঁচনিৰ প্ৰাকলন অনুসৰি নিৰ্মাণ কৰাৰ সলনি চৰম বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰাত আঁচনিখন সম্প্ৰতি ভেকোভাওনাত পৰিণত হৈছে।