Entertainment
গুৱাহাটীঃ অপৰাজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে ৰাজ্যৰ ভিন্নস্থানত সংঘটিত হৈছে ভিন্নধৰ্মী ঘটনা। মহানগৰীৰ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। গীতানগৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ জালনোট চক্ৰৰ সৈতে জড়িত ব্যক্তি। উদ্ধাৰ কৰা হৈছে জালনোট চক্ৰত ব্যৱহূত বিভিন্ন সা-সঁজুলি। আৰক্ষীয়ে আটক কৰিছে মামণি ৰয় বড়ো নামৰ এগৰাকী মহিলাক।
সোধা-পোছাৰ বাবে আৰক্ষী থানালৈ অনা হৈছে আন এগৰাকী মহিলাক। বৰ্তমানেও পলাতক হৈ আছে মূল অভিযুক্ত আজমল হক। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে, জালনোট চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হৈছে আজমল হক। এটি প’ৰ্টেল চেনেলৰ নামত অসম বিধানসভাৰ প্ৰৱেশ-পত্ৰ লৈ হকে চলাই গৈছিল এই অবৈধ কাম-কাজ। আজমলে ফটাশিলত এটি ভাৰাঘৰৰ পৰাই চলাই গৈছিল জালনোটৰ অবৈধ কাম-কাজ।
উৎখাত হোৱা চক্ৰটোৰ পৰা পোৱা হৈছে কিছু টকা বনোৱা বিশেষ কাগজ, পলিমাৰ কাগজ, এটা হিট ছিলাৰ মেচিন, এক ৰোল ক’লা ৰঙৰ কাগজ, লগত এটা কাগজ কটা মেচিন। চক্ৰটোৱে ব্যৱহাৰ কৰিছিল অসম আৰক্ষীৰ ল’গ’ সন্মিলিত এটি টি-ছাৰ্ট। ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এটি গোচৰ ৰুজু হৈছে।
Leave A Comment