Sci & Tech
নগাঁওঃ নগাঁৱৰ ‘এডিপি কলেজ’ৰ প্ৰবক্তাক আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱতে। বিজেপিকৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। অধ্যাপক তথা বিশিষ্ট কবি ড° অজিত ভৰালীক আক্ৰমণ কৰাৰ অভিযোগ বিজেপিৰ ৱাৰ্ড মেম্বাৰ মৃদুল দাসৰ বিৰুদ্ধে।
ভৰালীৰ কন্যাকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শেণছোৱা ৰে’লৱে ক্ৰছিঙত গাড়ী পাৰ্কিঙক লৈ আক্ৰমণৰ সৃষ্টি হৈছিল বাকযুদ্ধৰ। ইতিমধ্যে অভিযুক্ত মৃদুল দাসৰ বিৰুদ্ধে হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভৰালীয়ে। হেলমেটেৰে আক্ৰমণ কৰা বুলি অধ্যাপকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছে। আক্ৰমণৰ ফলত মূৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অজিত ভড়ালী।
Leave A Comment