Regional
গুৱাহাটী : গুৱাহাটীত কৰ'না আক্ৰান্তৰ সংখ্যা বাঢ়িলেই হ'ব পাৰে লকডাউন৷ ৰাজ্যৰ কভিড প্ৰতিৰোধী নীতি তথা সান্ধ্য আইন প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভালেমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ কৰ'না প্ৰতিৰোধী নীতি-নিয়ম সম্পৰ্কীয় নতুন এছঅ'পি ঘোষণা কৰাৰ কথাও তেওঁ সদৰি কৰে৷
৭খন জিলাক বাদ দি ৰাজ্যত কোভিড নীতি শিথিল কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে৷ বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব নতুন ক’ভিড নীতি৷ কোনো জিলাত ১০০তকৈ অধিক আক্ৰান্ত হ’লে হ'ব লকডাউন৷ গুৱাহাটীত এদিনত ২৫০তকৈ অধিক সংক্ৰমিত হ’লে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সতৰ্কবাণী দিয়ে৷ ৭ জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ এই জিলাসমূহত ৩ বজালৈ দোকান-পোহাৰ খুলিব পাৰিব বুলিও তেওঁ সদৰি কৰে৷
Leave A Comment