Sports
গুৱাহাটী: কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি উপস্থিত হয় অসমত৷ পুৱা ৯.৩০ বজাত উপস্থিত হয় বৰঝাৰ বিমান বন্দৰত৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ৷
আজিৰেপৰা আৰম্ভ হ’ব সোণোৱালৰ আশীৰ্বাদ যাত্ৰা৷ ২৩ আগষ্টলৈ চলিব আশীৰ্বাদ যাত্ৰা৷ আজি আজাৰাত দলীয় কৰ্ম-সমৰ্থকৰ সৈতে সোণোৱালে মত-বিনিময় কৰিব৷ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহে সোণোৱাল৷
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতিসহ বিজেপিৰ নেতৃবৰ্গই আদৰণি জনালে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক৷ আজি কেইবাটাও কাৰ্যসূচীত অংশ ল’ব সোণোৱালে৷ আজাৰাত দলীয় কৰ্মী-সমৰ্থকৰ সৈতে মত বিনিময় কৰে সোণোৱালে৷
Leave A Comment