• গুৱাহাটীত চিদাম্বৰম : বিমুদ্ৰাকৰণ, দেশৰ ভাৰসাম্যহীন অৰ্থনীতিৰপৰা হিন্দুত্বলৈকে সামৰি বিজেপিক তুলাধুন

    আঞ্চলিক
    গুৱাহাটীত চিদাম্বৰম : বিমুদ্ৰাকৰণ, দেশৰ ভাৰসাম্যহীন অৰ্থনীতিৰপৰা হিন্দুত্বলৈকে সামৰি বিজেপিক তুলাধুন

    ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বিতীয় দিনা আজি গুৱাহাটীত উপস্থিত হৈছে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰম। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদগৰাকীয়ে কংগ্ৰেছৰ নেতা-কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ভালেমান গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰে। মোদী নেতৃত্বৰ বিজেপিক চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী।





    মোদীয়ে দেশবাসীক বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে সাংসদগৰাকীয়ে। মোদী চৰকাৰৰ দিনত গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহা বুলি বিস্ফোৰক অভিযোগ কৰি চিদাম্বৰমে কয়, আমি দেশবাসীক চৰকাৰে লুকুৱাই ৰাখিব বিচৰা আচল তথ্যবোৰ ৰাজহুৱা কৰিব লাগিব আৰু তেওঁলোকক পতিয়ন নিয়াব লাগিব। মোদীৰ দিনত দুৰ্নীতি, হত্যা-হিংসা বৃদ্ধি পোৱা বুলিও তেওঁ অভিযোগ কৰে।






    দেশৰ ইতিহাসতে এক নাভূত-নাশ্ৰুত কাণ্ড হিচাপে বিবেচিত হোৱা বিমুদ্ৰাকৰণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে চিদাম্বৰমে। তেওঁ কয়, বিমুদ্ৰাকৰনেৰে চৰকাৰে দেশবাসীক বুৰ্বক সজাইছে। দেশৰ অৰ্থনৈতিক সমতাহীন পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয়, দেশৰ ৫০% লোক এতিয়া অতি দৰিদ্ৰ। ৩০% লোক মধ্যবিত্ত, ১৯%ৰ অৱস্থাহে টনকিয়াল। আনহাতে দেশৰ ১% লোকহে অৱস্থাপন্ন বুলি তেওঁ মন্তব্য কৰে। দেশজোৰা কৃষক বিদ্ৰোহৰ প্ৰসংগ উত্থাপন কৰি চিদাম্বৰমে কয় যে, সংসদত আলোচনা নকৰাকৈ এখন কৃষি বিধেয়ক মোদী চৰকাৰে গৃহীত কৰিছিল। চৰকাৰৰ এই একনায়কত্ববাদী মানসিকতাক সমালোচনা কৰে সাংসদগৰাকীয়ে।





    তেওঁ মন্তব্য কৰে যে, কৃষি আইন এদিন বাতিল হ’ব বুলি আমাৰ নেতা ৰাহুল গান্ধীয়ে তেতিয়াই কৈছিল। আজি বাতিল হ’ল। মোদী চৰকাৰে বনিক শ্ৰেণীৰ হাতত দেশৰ দুখীয়াৰ ধন অৰ্পন কৰা বুলিও তেওঁ অভিযোগ কৰে। মোদী চৰকাৰে দেশত কৰ’নাত মৃত্যু হোৱা লোকৰ মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰতো জালিয়াতি কৰিছিল বুলি অভিযোগ কৰিছে।






    নৰেন্দ্ৰ মোদী অপ্ৰতিদ্বন্দ্বী নহয় বুলিও তেওঁ মন্তব্য কৰে। মোদীৰ চাৰে সাত বছৰীয়া শাসনকালত দেশত অপৰাধ পৰিমাণ আৰু ক’লাধন বাঢ়িছে বুলিও তেওঁ অভিযোগ কৰে। বিমুদ্ৰাকৰণৰ মূল উদ্দেশ্য দেশত থকা ক’লাধন আইনত মাজেৰে বগা কৰা আচিল বুলিও তেওঁ অভিযোগ কৰে। দেশৰ ধনী শ্ৰেণীৰ পৰিচয় সলনি হোৱাৰ কথা উল্লেখ কৰি চিদাম্বৰমে অভিযোগ কৰে যে, এদিন দেশত ধনী লোকৰ নাম বুলি ক’লে সকলোৱে টাটা, বিৰলাৰ নাম লৈছিল কিন্ত আজি কাৰ নাম লৈছে?





    কৰ’নাৰ পাছত দেশৰ ২৭ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ গতি কৰা বুলি দেশত বিগত দুটা বছৰত কিমান লোকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান/চাকৰি হেৰুৱালে তাৰ হিচাপ কৰিবলৈ তেওঁ আহ্বান জনায়। মোদী চৰকাৰৰ ভুল নীতিৰ বাবেই ভাৰত এতিয়া বিধ্বস্ত বুলি তেওঁ অভিযোগ কৰে। হিন্দু-হিন্দুত্বক লৈ চলি থকা বিতৰ্কৰ প্ৰসংগ উত্থাপনেৰে তেওঁ কয়, ময়ো হিন্দু, কিন্তু মই হিন্দু হিন্দু বুলি সকলো সময়তে হিন্দুত্বৰ বেজ পিন্ধি নাথাকো।





    চৰকাৰক আজি হিন্দুত্বৰ বেজ কেৱল নিজৰ ব্যৰ্থতা থাকিবলৈ লগা হৈছে। মোদী চৰকাৰে নিজৰ ‘মনুমেণ্টেল ফেইলিয়ৰ’ ঢাকিবলৈহে আজি হিন্দুত্বৰ মন্ত্ৰ জপ কৰি থাকে। চৰকাৰে আজি কাকো ভয় নকৰে বুলি মন্তব্য কৰি তেওঁলোকৰ কেৱল নিৰ্বাচনত হৰাৰ ভয়হে আছে বুলিও মন্তব্য কৰে। উল্লেখ্য যে, কালিৰ পৰা কংগ্ৰেছৰ এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে আৰু কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই এই কাৰ্যসূচীত ভাগ লৈছে।