• গুৱাহাটীত পাৰিবাৰিক অশান্তি বৃদ্ধি...

    আঞ্চলিক
    গুৱাহাটীত পাৰিবাৰিক অশান্তি বৃদ্ধি...

    গুৱাহাটী : মহানগৰীত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে দুৰ্ঘটনা, হত্যাকাণ্ড, অপৰাধজনিত ঘটনা৷ ‘‘ হাম দ’ হামাৰে দ” মহানগৰ যান-বাহন আৰক্ষীৰ নতুন শ্ল’গানেৰে আৰম্ভ হৈছে বিশেষ ব্যৱস্থা৷ ইটোৰ পাছত সিটোকৈ নিয়ম বান্ধি দিয়াৰ পাছতো মহানগৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে পথদুৰ্ঘটনাৰ সংখ্যা৷ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লোৱা লোকৰ সংখ্যা বৃদ্ধিৰ লগতে পংগুত্বৰ জীৱন কটাইছে বহুজনে৷ মহানগৰ আৰক্ষীয়ে পথদুৰ্ঘটনা ৰুধিবলৈ বিশেষ ব্যৱস্থা হাতত লৈছে৷





    বিগত তিনি মাহত মহানগৰীত জৰিমনা বিহি অভিলেখ গঢ়িলে আৰক্ষীয়ে৷ ট্ৰেফিক নিয়ম ভংগৰ অপৰাধত আৰক্ষীয়ে ৩মাহত জৰিমনা বিহিছে ৭.৫কোটি টকা৷ নিয়ম অনুসৰি বাইকত দুই আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট৷ দুচকীয়া বাহনৰ পিছফালে বহা আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট৷ E-CHALLAN ব্যৱস্থা হোৱাই বহুখিনি সুবিধা হৈছে আৰক্ষীৰ৷





    পাৰিবাৰিক অশান্তিৰ ঘটনা বৃদ্ধিৰ ফলতে বহু হত্যাকাণ্ড বৃদ্ধি হৈছে৷ ঘৰৰ মানুহৰ ব্যৱহাৰ পৃথক পালে, নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ সম্ভেদ লাভ কৰিলে অতি শীঘ্ৰে কাউণ্ডচিলিঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷ ইয়াৰ লগতে গুৱাহাটীত বাঢ়িছে অপৰাধজনিত ঘটনাও৷ বিগত মাহত দিছপুৰৰ পৰা নোহোৱা হৈছে সৰু, বৰ ৩০খনকৈ গাড়ী৷ মঙলবাৰৰ দিনটোত ৩খনকৈ গাড়ী চুৰি হৈছে দিছপুৰ এলেকাৰ পৰা৷





    উল্লেখ্য যে, আৰক্ষী আয়ুক্তৰ মতে মহানগৰীত হ্ৰাসহে হৈছে অপৰাধৰ সংখ্যা৷ মহানগৰীৰ ৭৫০০গোচৰৰ তদন্ত ইতিমধ্যে সমাপ্ত কৰিছে আৰক্ষীয়ে৷ ১৪০০গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিলে আৰক্ষীয়ে৷ পৰ্যাপ্ত আৰক্ষীৰ অভাৱত থানাত এতিয়াও পৰি ৰৈছে বহু গোচৰ৷