• গুৱাহাটীৰপৰা চুৰি হ’ল চিটীবাছ, তিনিজনক গ্ৰেপ্তাৰ

    আঞ্চলিক
    গুৱাহাটীৰপৰা চুৰি হ’ল চিটীবাছ, তিনিজনক গ্ৰেপ্তাৰ

    গুৱাহাটী : মটৰ চাইকেল বা চাৰিচকীয়া বাহন নহয়, এইবাৰ মহানগৰীৰ পৰা চুৰি হ'ল চিটি বাছ। মহানগৰী মঠঘৰীয়াৰপৰা চুৰি হোৱা এখন চিটি বাছ কাৰ্বিআংলঙৰ খটখটিৰ পৰা উদ্ধাৰ কৰিলে নুনমাটি আৰক্ষীয়ে। বাছখন উদ্ধাৰৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিটা গভাইত চোৰক।





    আৰু পঢ়িব পাৰিব : নতুন মন্ত্ৰীসভাৰ সৈতে শপত ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই





    ধৃত চোৰকেইটা হৈছে বাকসাৰ জিতু চৌধুৰী, গোৱালপাৰা লক্ষীপুৰৰ ইউছুফ আলী আৰু নগাঁও কামপুৰৰ পিংকু হীৰা। উদ্ধাৰ হোৱা চিটিবাছখনৰ নম্বৰ AS 01 KC 2816৷ মহানগৰী মঠঘৰীয়াৰ পৰা যোৱা ৭ মে'ত চুৰি হৈছিল বাছখন।





    আৰু পঢ়িব পাৰিব : বিলাসীপাৰাত মৃতদেহ উদ্ধাৰঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ





    ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ গাড়ীৰ মালিকে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল। নুনমাটি আৰক্ষীয়ে গাড়ীত সংলগ্ন হৈ থকা GPSৰ মাধ্যমেৰে বাছখন কাৰ্বিআলঙৰ খটখটি অভিমুখে গৈ থকাটো ধৰা পেলায়। লগে লগে নুনমাটি আৰক্ষীয়ে খটখটি আৰক্ষীক যোগাযোগ কৰি বাছখন উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰে। ধৃত আতাইকেইজনে পূৰ্বতেও গাড়ী চুৰি কাৰ্যত জড়িত আছিল।