• গুৱাহাটী পালেহি বাৰ্ড ফ্লু! চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস...

    আঞ্চলিক
    গুৱাহাটী পালেহি বাৰ্ড ফ্লু!  চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস...

    গুৱাহাটী : দেশৰ ৪ ৰাজ্যত 'বাৰ্ড ফ্লু'ৰ আতংকৰ পাছতে অসম পালেহি এই ভাইৰাছ৷ বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে৷ এই ফ্লুৰ আতংকৰ পাছতে অসম ৰাজ্যিক চিৰিয়াখানাত আজিৰে পৰা নিষিদ্ধ কৰা হ'ল সকলো ধৰণৰ মুৰ্গী মাংস৷





    আৰু পঢ়িব পাৰিব : ক’ৰ’নাৰ উৎসৰ অনুসন্ধান : ‘হু’ৰ বিশেষজ্ঞক চীনৰ বাধা





    কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুক এতিয়াৰেপৰা দিয়া নহ'ব কুকুৰা মাংস৷ ইয়াৰ পৰিৱৰ্তে জীৱ-জন্তুসমূহক বিকল্প মাংসৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে চিৰিয়াখানা কর্তৃপক্ষক৷ লগতে যিকোনো ধৰণৰ ৰোগৰ লক্ষণ দেখা পালেই তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিৰিয়াখানা কর্তৃপক্ষক নিৰ্দেশ দিছে৷





    আৰু পঢ়িব পাৰিব : নাকচ জামিন : কাৰাগাৰতে থাকিব লাগিব অখিল গগৈ!





    উল্লেখ্য যে অসম চৰকাৰেও বাৰ্ড ফ্লু সন্দৰ্ভত শেহতীয়াকৈ গ্ৰহণ কৰিছে কেতবোৰ সতৰ্কমূলক ব্যৱস্থা৷